27.6 C
Assam
Wednesday, June 7, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

পিতৃয়ে দিন হাজিৰা কৰা ঘৰখনলৈ আহিল পোহৰৰ ৰেঙণি।কন্যা সন্তানে লাভ কৰিলে অসম আৰক্ষীৰ চাকৰি

Assamese Newsপিতৃয়ে দিন হাজিৰা কৰা ঘৰখনলৈ আহিল পোহৰৰ ৰেঙণি।কন্যা সন্তানে লাভ কৰিলে অসম আৰক্ষীৰ চাকৰি

পিতৃয়ে দিন হাজিৰা কৰা ঘৰখনলৈ আহিল পোহৰৰ ৰেঙণি।কন্যা সন্তানে লাভ কৰিলে অসম আৰক্ষীৰ চাকৰি।এজনী সংখালঘু যুবতীয়ে ধন্যবাদ জনালে অসমৰ মুখ্যমন্ত্ৰীক।অসম আৰক্ষীত চাকৰি লাভ কৰা যুবতীৰ আনন্দৰ চকুলো সৰুৰে পৰা অসম আৰক্ষীৰ চাকৰীৰ প্ৰতি আকৃষ্ট যুবতীগৰাকী।অৱশেষত চাকৰি পাবলৈ সক্ষম হল অসম আৰক্ষীত।ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰ অন্তৰ্গত ফলিমাৰী গাৱৰ দিন হাজিৰা কৰা ফজৰ আলীৰ কন্যা ফিৰোজা খাতুনে ঘৰখনলৈ আনিলে পোহৰৰ ৰেঙনি। ফিৰোজাই অসম আৰক্ষীত বাছনি হোৱাত উৎফুল্লিত পৰিয়াল। অসম আৰক্ষীৰ খাকি পোচাক যোৰ পিন্ধিবলৈ সৰু কালৰে পৰা ফিৰোজাৰ মনত আশা। যাৰ বাবেই ফিৰোজাই শিক্ষাগত অৰ্হতা লাভ কৰাৰ সমান্তৰালকৈ অসম আৰক্ষী পদৰ বাবে আবেদন কৰি আহিছিল।দিন হাজিৰা কৰা পিতৃয়ে সময় মতে আবেদনৰ মাছুল যোগান ধৰিব পৰা ক্ষমতা নাছিল যদিও বহু কষ্ট কৰি আৰ্থিক দন্যতাক নেওচি ফিৰোজাক যোগান ধৰিছিল যাৱতীয় খৰছ। অৱশেষত ফিৰোজা বাচনি হল অসম আৰক্ষীত। ফিৰোজাৰ লগতে পৰিয়ালৰ লোকে ধন্যবাদ জ্ঞাপন কৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰক।

ফিৰোজাৰ ভাষ্য “মই বৰ দুখিয়া ঘৰৰ ছোৱালী, টকা দি চাকৰি লব লগা হলে মই কেতিয়াও চাকৰি নাপালোহেতেন কিন্তু আজি মই অসম আৰক্ষীত সুযোগ পালো। যাৰ বাবে মুখ্যমন্ত্রী ড• হিমন্ত বিশ্ব শৰ্মাক অশেষ ধন্যবাদ জ্ঞাপন কৰো” ।উল্লেখযোগ্য যে যি সময়ত সংখ্যালঘু সম্প্ৰদায়ৰ একাংশ ৰাইজে নিজৰ কন্যা সন্তানক বজা বুলি ভবাৰ লগতে দুখীয়া হোৱাৰ অজুহাত দেখুৱাই বাল্যবিবাহ দিয়ে তেনে সময়ত ফিৰোজাৰ এই সফলতাই এনে মানসিকতা থকা লোকৰ বাবে এক উদাহৰণ স্বৰূপ হৈ পৰিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!