নৃত্যশিল্পী ৰুণু দাসৰ অকাল মৃত্যুঃ আহত এক

যান–বাহন আইন উলংঘাৰে মহানগৰীৰ ৰাজপথত একাংশ চালকে মইমতালি অব্যাহত ৰাখিছে৷ ট্রাকচালকৰ দৌৰাত্ম্যৰ বাবেই যোৱানিশা লখৰাৰ সৰুসজাই ষ্টেডিয়ামৰ সন্মুখত সংঘটিত হ’ল এক ভয়াৱহ পথ দুর্ঘটনা৷ খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখী এ এছ–০২ এ চি–৭৬৬২ নম্বৰৰ তীব্রবেগী ট্রাকখনে একে দিশেৰে গৈ থকা এ এছ–০১ ই ডব্লিউ–৬৮১৩ নম্বৰৰ বাইক আৰোহী দুজনক মহটিয়াই নিয়ে৷

এই দুর্ঘটনাটোত বাইক আৰোহী ৰুণু দাস (৩০)ৰ ঘটনাস্থলীত মৃত্যু হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যোৱানিশা প্রায় ১০.৪৫ বজাত সৰুসজাই ষ্টেডিয়ামৰ সন্মুখত ট্রাকখনে বাইকখন মহটিয়াই নিয়ে৷ দুর্ঘটনাটো সংঘটিত কৰি ট্রাকচালকে বাইকখন লখৰা চাৰিালিলৈকে চোঁচৰাই নিয়ে৷ দুর্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে মৃত যুৱতীগৰাকীৰ মূৰটো শৰীৰৰ পৰা বিচ্ছিন্ন হৈ পৰাৰ লগতে শৰীৰটো চেপেটা হৈ পৰে৷ মৃত যুৱতীগৰাকীৰ ঘৰ ফটাশিল আমবাৰীত৷ এই দুর্ঘটনাটোত বাইকখনৰ চালক সুব্রত সৰকাৰ গুৰুতৰভাৱে আহত হয়৷ লালগণেশৰ বাসিন্দা তথা ৰেপিড’ চালক সুব্রত বর্তমান জি এম চি এইচত চিকিৎসাধীন হৈ আছে৷

দুর্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত যুৱতীগৰাকী আৰু আহত যুৱকজনক উদ্ধাৰ কৰে জি এম চি এইচলৈ প্রেৰণ কৰে৷ ইফালে গড়চুক আৰক্ষীয়ে ট্রাকখনৰ চালক ৰফিকুল ইছলামক আটক কৰি নিশাই বশিষ্ঠ আৰক্ষীক গতাই দিয়ে৷ উল্লেখ্য যে ফটাশিল আমবাৰীৰ বাসিন্দা ৰুণু দাস নামৰ যুৱতীগৰাকীয়ে কালি দিনৰ ২ বজাত ঘৰৰ পৰা ওলাই আহিছিল৷ এখন বিবাহৰ অভ্যর্থনা অনুষ্ঠানত নৃত্য পৰিৱেশনৰ বাবে অজয় মালাকাৰ নামৰ যুৱকজনে ৰুণুক মাতি আনিছিল৷

দিনত প্রশিক্ষণ সামৰি নিশা বিবাহ অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিছিল ৰুণু দাসসহ শিল্পীৰ দলটোৱে৷ সাংস্কৃতিক অনুষ্ঠানটোৰ দায়িত্বত থকা অজয় মালাকাৰে নিশা প্রায় ১০.৪০ বজাত শিল্পীসকলক মাননি দি ঘৰলৈ যাবলৈ দিছিল৷ আয়োজক অজয় মালাকাৰে শিল্পীৰ দলটোক ঘৰত থোৱাৰ ব্যৱস্থা নকৰাত ৰুণুৱে এখন ৰেপিড’ বুক কৰি আহি থকাৰ সময়তে এই শোকাৱহ দুর্ঘটনাটো সংঘটিত হয়৷ ইফালে, অজয় মালাকাৰৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই অকালতে ৰুণু দাসৰ দৰে নৃত্যশিল্পী এগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে৷ আনহাতে যান–বাহন আৰক্ষী আৰু পৰিবহণ বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই নিশাৰ ৰাজপথত একাংশ ট্রাকচালকে দৌৰাত্ম্য অব্যাহত ৰখাত এনেধৰণৰ শোকাৱহ পথ দুর্ঘটনা সংঘটিত হোৱা বুলি সর্বত্র চর্চা চলিছে৷

error: Content is protected !!
%d bloggers like this: