ক’লা ওঁঠৰ পৰা মুক্তি পোৱাৰ আটাইতকৈ সহজ উপায় !

ক’লা ওঁঠৰ পৰা মুক্তি পোৱাৰ আটাইতকৈ সহজ উপায় !

বহু মহিলাই সময়ৰ লগত খাপ খুৱাই ওঁঠত ৰং কৰাৰ সময়ত ওঁঠৰ ক্ষতিৰ বাবে চিন্তা কৰে। বিখ্যাত কোম্পানীৰ লিপষ্টিক আৰু লিপগ্লছ ব্যৱহাৰ কৰিলেও সকলোৰে ছালৰ লগত খাপ নাখায়। সেইবাবেই ইয়াৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ।

ওঁঠত ক’লা দাগৰ আঁৰত এইটোৱেই একমাত্ৰ কাৰণ নহয়। আৰ্দ্ৰতা হেৰুৱালেও ওঁঠৰ ৰং সলনি হৈ যায়। ওঁঠ দুটা ক’লা হৈ পৰে। ছালৰ দৰেই ওঁঠো ৰ’দত জ্বলি যায়। ওঁঠৰ এই ক’লা দাগবোৰ আঁতৰোৱাৰ সহজ উপায় চাওক –

নেমুপাত আৰু চেনিঃ নেমুপাতৰ পাতল টুকুৰা এটাত কিছু পৰিমাণে চেনি বিয়পাই দি প্ৰতিদিনে ওঁঠত মালিচ কৰিব লাগে। ইয়াত চেনিয়ে স্ক্ৰাবাৰৰ কাম কৰে। চেনিয়ে ওঁঠৰ মৰা ছালখন ছিঙি পেলোৱাত সহায় কৰে আৰু নেমুই ওঁঠৰ ক’লা হোৱা ছালখন উজ্জ্বল কৰি তোলাত সহায় কৰে।

 

 

নেমুৰ ৰস আৰু গ্লিচাৰিন: নেমুৰ ৰসৰ লগত কিছু পৰিমাণে গ্লিচাৰিন মিহলাই দিনটোত কমেও দুবাৰকৈ ওঁঠত লগাব লাগে। দহ দিনৰ ভিতৰত পাৰ্থক্য দেখা যাব।

মৌ, চেনি আৰু আলমণ্ড অইল মৌ: চেনি আৰু আলমণ্ড অইল একেলগে মিহলাই লওক। এতিয়া এই মিশ্ৰণেৰে নিয়মিতভাৱে ওঁঠত মালিচ কৰক। এই সংমিশ্ৰণে আপোনাৰ ওঁঠৰ জিলিকনিৰ লগতে ইয়াৰ কোমলতা বৃদ্ধি কৰিব। টমেটোৰ ৰসঃ টমেটোৰ ৰস দিনটোত কমেও দুবাৰকৈ ওঁঠত লগাব লাগে। ই আপোনাৰ ওঁঠ দুটা জিলিকিব।

 

চেনি আৰু মৌ: অলিভ অইল কেইটোপালমান মৌ আৰু চেনিৰ লগত মিহলাই দহ মিনিটৰ বাবে ওঁঠত লাহে লাহে ঘঁহি দিব। এই সংমিশ্ৰণে আপোনাৰ ওঁঠ উজ্জ্বল কৰাত সহায় কৰে।

গাখীৰ বা টেঙা দৈ: ওঁঠ উজ্জ্বল কৰিবলৈ লেক্টিক এচিড অতি উপযোগী। গাখীৰ বা টেঙা দৈত প্ৰচুৰ পৰিমাণে লেক্টিক এচিড থাকে। গাখীৰ বা টেঙা দৈ লৈ দিনটোত অন্ততঃ দুবাৰকৈ ওঁঠত মালিচ কৰক। ই ওঁঠৰ মৃত ছালখন ছিঙি পেলোৱাত সহায় কৰে। একে সময়তে ওঁঠৰ ক’লা ৰং আঁতৰোৱাত সহায় কৰে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

GTM Desk

Related