দৰং জিলা প্রশাসনৰ উদ্যোগত গান্ধী জয়ন্তী উদযাপন

দৰং জিলা প্রশাসনৰ উদ্যোগত গান্ধী জয়ন্তী উদযাপন

দৰং জিলা প্ৰশাসনৰ উদ্যোগত মহামানৱ মহাত্মা গান্ধীৰ ১৫১ সংখ্যক গান্ধী জয়ন্তী দিন যোৰা কাৰ্যসূচীৰে মঙলদৈতো উদযাপন কৰা হয় l

এই উদ্দেশ্যে শুক্ৰবাৰে পুৱা ছয় বজাত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ জৰিয়তে ভজন পৰিবেশন, ৮-৩০ বজাত উপায়ুক্ত কায্যলয় প্ৰাঙ্গণত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত জিলা উপয়ুক্ত দিলীপ কুমাৰ বৰা সহ দৰঙৰ প্ৰশাসনীয় বিষয়া সকলে মাল্যাপৰ্ণ প্ৰদান কৰে ।

গান্ধীস্মৃতি উদ্যানত থকা গান্ধী বেদীত জিলা উপয়ুক্তই বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কৰাৰ পিছতে গান্ধী স্মৃতি উদ্যানৰ মঞ্চত জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ সভাপতিত্বত অনুস্থিত সভাত মহামানৱ মহাত্মা গান্ধীৰ জীৱন দৰ্শনৰ ওপৰত বক্তব্য আগবঢ়াই বিভিন্ন জনে |

গান্ধী জয়ন্তী উপলক্ষে অনুস্থিত বিভিন্ন প্ৰতিযোগিতা ৰ বঁটা সমূহো বিতৰন কৰে এই অনুষ্ঠানত |

অনুষ্ঠানত বিশিষ্ট কন্ঠশিল্পী বৰ্ণালী কলিতাই ভজন পৰিবেশন কৰাৰ উপৰিও স্থানীয় বিধায়ক গুৰুজ্যোতি দাসে ও ভাষন প্রদান কৰে |

https://youtu.be/0pUUbf3UVXI

GTM Desk