দৰঙৰ কমলা কুঁৱৰী কৃষি পামত ব্যতিক্ৰমী ন-খোৱা উৎসৱ

1 min read

গীতে-মাত-কবিতাৰে মুখৰিত এটি জীপাল অনুষ্ঠানৰ পম খেদি

এজাক অসমীয়া ডেকা-গাভৰুক লৈ স্বাৱলম্বিতাৰ নিদৰ্শন

দৰং জিলাৰ সদৰ মঙলদৈৰ পাৰ্শ্বৱৰ্তী জনৰাম চৌকাস্থিত কমলা কুঁৱৰী জৈৱিক কৃষি পামত আজি অনুষ্ঠিত আঘোণৰ লখিমী আদৰা আৰু ন-খোৱা ব্যতিক্ৰমী অনুষ্ঠানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।
কৃষি ক্ষেত্ৰ,কৃষ্টি-সংস্কৃতি, সাহিত্য, সংবাদ মাধ্যম, জাতীয় সংগঠন প্ৰমুখ্যে ভিন্ন ক্ষেত্ৰৰ প্ৰায় আঢ়ৈকুৰি লোকে দৈনন্দিন জীৱনৰ ৰূঢ় বাস্তৱৰ ব্যস্ততা পাহৰি গীতে-মাতে-কবিতাৰে মধুৰ আৰু জীপাল এটি নান্দনিক অনুষ্ঠানত একাকাৰ হৈ আনন্দৰ কোলাহত বুৰ যায়।


এইদৰেই সকলোৱে আনন্দত আত্মহাৰা হৈ শৈশৱ -যৌৱনৰ সৈতে সংপৃক্ত আঘোণৰ স্মৃতিয়ে আনি দিয়া সোণালী মুহূৰ্তৰ ছবিখন যেন বিচাৰি পালে কমলাকুৱৰী জৈৱিক কৃষি পামত। চৌদিশে সোণালী ধাননি চপোৱাৰ পৰিবেশেৰে পৰিবেষ্টিত কৃষি পামত আঘোণৰ সোণগুটি সদৃশ লখিমী আদৰা আৰু লগে ভাগে আনন্দ উলাহে এসাজ ন-লখিমীৰে খোৱা এয়াই আছিল এই মনোজ্ঞ অনুষ্ঠানৰ লক্ষ্য। শিক্ষা আৰু সাংস্কৃতিক সংগঠক তথা জৈৱিক কৃষি পামৰ কাৰ্যকৰী সভাপতি ড০ চন্দ্ৰ প্ৰসাদ শইকীয়াই আঁত ধৰা আৰু কৃষি পামৰ সভাপতি তথা উদ্যোগী মহিলা ৰাজকুমাৰী হেমপ্ৰভা দেৱীয়ে আদৰণি ভাষণ দিয়া অনুষ্ঠানত কন্ঠ শিল্পী জয় প্ৰকাশ মেধি আৰু হুমায়ুন চৌধুৰীয়ে তিনিটিকৈ গীত পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰে। কবি ঔপন্যাসিক ৰুমী লস্কৰ বৰা আৰু চিত্ৰ শিল্পী-কবি, ওৱাহিদা আহমেদৰ কবিতাই সকলোৰে চিত্তাকৰ্ষণ কৰে।

অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ নেতা অৰূপ কলিতা আৰু চন্দ্ৰ প্ৰসাদ শইকীয়ায়ো একোটিকৈ গীত পৰিৱেশন কৰে। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল ভিন্ন ক্ষেত্ৰৰ বৰেণ্য লোকসকলৰ অনুভৱৰ লেছেৰীসমূহ। গুৱাহাটী দূৰদৰ্শনৰ প্ৰাক্তন সঞ্চালক দেবেন্দ্ৰনাথ বসুমতাৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অৱনীমোহন চহৰীয়া, নৃত্য পটীয়সী মৰমী মেধি, অভিনেত্ৰী মেঘৰঞ্জনী মেধি, অভিনেতা নীল দাস,চলচিত্র প্ৰযোজক পৰিচালক, প্ৰাক্তন ছাত্ৰ নেতা হবিবৰ ৰহমান, নাট্যকাৰ পৰিচালক মানিক আহমেদ, গীতিকাৰ -সাহিত্যিক ড০ চহিৰ ভূঞা, চিত্ৰ শিল্পী -কবি ওৱাহিদা আহমেদ, সাহিত্যিক -ঔপন্যাসিক ৰুমী লস্কৰ বৰা, সাহিত্যিক ৰীতা সিং মহাজন,সাহিত্যিক মুকুল চন্দ্ৰ গগৈ, সাংবাদিক ভাৰ্গৱ কুমাৰ দাস, হেমন্ত কুমাৰ বৰুৱা, আব্দুল খালেক,সাহিত্যিক অধিবক্তা কিশোৰ কুমাৰ কলিতা, সমাজকৰ্মী ঘন কলিতা,স্বৰাজ কুমাৰ ডেকা, দৰং জিলা ছাত্র সন্থাৰ সভাপতি পৰাগ চহৰীয়া প্ৰমুখ্যে বিশিষ্ট অতিথি সকলে নিজৰ নিজৰ কাব্যিক অনুভৱৰ মাজেৰে আঘোণৰ স্মৃতি বিজৰিত ৰসাল অভিব্যক্তি প্ৰকাশৰ লগতে হেমপ্ৰভা দেৱীয়ে এজাক উদীয়মান অসমীয়া ডেকা গাভৰুক লৈ কমলা কুঁৱৰী জৈৱিক কৃষি পাম প্ৰতিষ্ঠাৰে অসমীয়াৰ স্বাভিমান স্বৰূপ কৃষিকে আদৰ্শ হিচাপে দাঙি ধৰি ৰাজ্যৰ নিবনুৱা সকলক উৎসাহ আৰু প্ৰেৰণা দিয়াৰ বাবে তেওঁক ভূয়সী প্ৰশংসা কৰে।
অনুষ্ঠানৰ শেষত হাঁহে -মাহে -মৎসে প্ৰমুখ্যে ভিন্ন ব্যঞ্জন আৰু ন-জহা চাউলৰ ভাতেৰে এসাজ লগে ভাগে সকলোৱে উদৰ পূৰাই খাই ঘৰমুৱা হয়।

You May Also Like

More From Author