জানো আহক খেজুৰৰ কিছু গুণাগুণ

1 min read

★ খেজুৰত গ্লুক’জ, চুক্ৰ’জ আৰু ফ্ৰুক্ট’জ কাৰ্বহাইড্ৰেত থাকে । সেয়েহে খেজুৰ খালে যথেষ্ট পৰিমাণে শক্তি পোৱা যায়।

★ ডায়েবেটিচ ৰোগীয়ে কুঁহিয়াৰৰ পৰা উৎপাদিত চুগাৰ কাৰ্বহাইড্ৰেত বা চেনী খোৱাত বাধা থকা বাবে শক্তি আহৰণৰ হেতু খেজুৰ দিনে ২-৩ টা খাব পাৰে
★খেজুৰত কলেষ্টেৰল নাথাকে, নামমাত্ৰ চৰ্বি থাকে কাৰণে খেজুৰ খালে তেজত কলেষ্টেৰল নাবাঢ়ে।

★ খেজুৰ খালে কোষ্ঠ কাঠিন্য আতৰ হয়।

★প্ৰতি ১০০ গ্ৰাম শুকান খেজুৰত ০’০৯ গ্ৰাম আইৰণ পোৱা যায়।

★১০০ গ্ৰাম খেজুৰ খালে দৈনিক আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় আইৰণৰ ১১% পাব পাৰো। সেয়েহে খেজুৰ খালে ৰক্তহীনতা নাইকিয়া হয়।
★খেজুৰত যথেষ্ট পৰিমাণৰ পোষক দ্ৰব্য থকা বাবে হাড় আৰু মাংস পেশী মজবুত হয়।

★খেজুৰত থকা কেলছিয়ামে দাঁত আৰু শৰীৰৰ হাড়বোৰ মজবুত কৰে বাবে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষ সহজে নহয়।

★খেজুৰত ভিটামিন-এ থাকে, সেয়েহে খেজুৰ খালে কুকুৰীকণা, অন্ধতা আতৰ হোৱাৰ উপৰিও দৃষ্টিশক্তি বৃদ্ধি হয়। Zeaxanthin আৰু Lutein নামৰ পদাৰ্থৰ কাৰণে চকুৰ ৰেটিনা সুস্থ সবল হয়।

★ খেজুৰে শৰীৰৰ ধাতু পোষণ কৰি শক্তি যোগায়। কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰা ব্যক্তিয়ে পাঁচটাকৈ আগবেলা আৰু পিছবেলা খেজুৰ খালে অফুৰন্ত শক্তি পায়‌।

(১০) চৰ্দি , কাহ আৰু পানী লগাত খৈজুৰে অমৃতৰূপে কাম কৰে‌ । প্ৰতিদিনে চাৰি পাঁচটা খেজুৰ গৰম গাখীৰৰ স’তে খালে নতুন আৰু পুৰণি চৰ্দি ,কাহ , পানীলগা আৰু শ্বাস-প্ৰশ্বাস ৰোগ ভাল হয়।

★খেজুৰ খালে শৰীৰ গৰম হৈ থাকে, সেয়েহে ঠাণ্ডাদিনত বৃদ্ধ ব্যক্তি সকলে গাখীৰৰ সৈতে খেজুৰ খালে ৰসায়নৰ দৰে কাম কৰে।

★খেজুৰ এবিধ শ্ৰেষ্ঠ এন্টিঅক্সিডেন্ট হোৱা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় বাবে ৰোগমুক্ত হৈ থাকিব পাৰে। যিকোনো বেমাৰৰ বীজাণুৱে সহজে আক্ৰমণ কৰি ৰুগীয়া কৰিব নোৱাৰে।

You May Also Like

More From Author