ডিব্ৰুগড় বিশ্ববিদ্যালয় তাই আহোম ছাত্ৰ সমাজৰ উদ্যোগত বীৰ লাচিত দিৱস উদযাপন
ঈশ্ফাক আলি: ডিব্ৰুগড় : ডিব্ৰুগড় বিশ্ববিদ্যালয় তাই আহোম ছাত্ৰ সমাজৰ উদ্যোগত বীৰ লাচিত দিৱস বিশ্ববিদ্যালয়ৰ বজাৰ প্ৰাংগনত বন্তি প্ৰজ্বলনেৰে উদযাপন কৰা হয় ।

সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটি আঁত ধৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় তাই আহোম ছাত্ৰ সমাজৰ সহকাৰী সাধাৰণ সম্পাদক নিপন বৰগোঁহায়ে।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ টাই আহোম ছাত্ৰ সমাজৰ উদ্যোগত আয়োজিত এই সোঁৱৰণী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ আছু গোটৰ সভাপতি অংকুৰ প্ৰতিম গগৈ, আহোম সভাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক অঞ্জন চেতিয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ ২০১৮-১৯ বৰ্ষৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰী, প্ৰাক্তন সাধাৰণ সম্পাদক ডেভিদ হাজৰিকা, প্ৰাক্তন সভাপতি উত্তৰণ গোস্বামী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ টাই আহোম ছাত্ৰ সমাজৰ সভাপতি ভাস্কৰ গগৈ, সাধাৰণ সম্পাদক মনমোহন গগৈ, সদৌ বৰপথাৰ যুৱ সমাজৰ হৈ অনুপল শৰ্মা,টাই আহোম যুৱ পৰিষদ অসমৰ ডিব্ৰুগড় জিলাৰ কাৰ্য্যকৰী সভাপতি দয়ানন্দ গগৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মটক ছাত্ৰ অধ্যয়ন চক্ৰৰ সভাপতি বিমান বাইলুং বৰা,যুটীয়া সম্পাদক বিষ্ণুজ্যোতি দত্ত, ডিব্ৰুগড় জিলাৰ বৰপথাৰ আঞ্চলিক টাই আহোম ছাত্ৰ সন্হাৰ ভাৰপ্ৰাপ্ত সভাপতি মানস গগৈকে আদি কৰি বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগ আৰু কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী উপস্হিত থাকে। আজিৰ অনুষ্ঠানটিত উপস্হিত ব্যক্তি সকলে তেওঁলোকৰ ভাষণত বৰ্তমান অসম আৰু অসমীয়া জাতীয়ে যি জটিল সন্ধিক্ষণত উপস্হিত হৈছেহি তেনেকুৱা এক অৱস্হাত সকলোৱে লাচিতৰ আদৰ্শ লৈ মাৰবান্ধি থিয় হ’ব লাগিব বুলি উল্লেখ কৰে।

বৰ্তমান সময়ত অসমীয়া জাতিৰ নিজৰ মাজতে যি বিভাজন আহি পৰিছে সেইক্ষেত্ৰত সকলোৱে শংকা প্ৰকাশ কৰাৰ লগতে একতাৰ জৰিয়তে অসম আৰু অসমীয়া হিচাপে মূৰ তুলি জীয়াই থকাৰ প্ৰসংগ উল্লেখ কৰে। মহান বীৰ জনক ৰাষ্ট্ৰীয় বীৰৰ মৰ্যাদা দিয়াৰো পোষকতা কৰে উপস্হিত সকলোৱে। বীৰ জনাক সোঁৱৰি আৰ্হি চেতীয়া আৰু বিকশিতা গগৈয়ে কবিতা পাঠ কৰি উপস্হিত সকলোকে আপ্লুত কৰে।