মাইক্র’ কণ্টেইনমেণ্ট জ’ন সৃষ্টিত গুৰুত্ব; জিলা উপায়ুক্তৰে CM সোণোৱালৰ ভিডিঅ’ কনফাৰেঞ্চ

0 min read

ক’ৰোনাৰ সংক্রমণ ৰোধৰ ক্ষেত্রত মাইক্র’ কণ্টেইনমেণ্ট জ’ন সৃষ্টি কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ সমান্তৰালভাৱে পৰীক্ষা বৃদ্ধিৰ ক্ষেত্রতো মুখ্যমন্ত্রীয়ে গুৰুত্ব দিছে৷

মঙলবাৰে ৰাজ্যত জিলা উপায়ুক্ত, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু ক’ভিড–১৯ ব্যৱস্থাপনাৰ সৈতে জড়িত সংশ্লিষ্ট বিষয়াসকলৰ সৈতেও পর্যালোচনাত এই দিশসমূহত গুৰুত্ব দিয়াৰ লগতে মুখ্যমন্ত্রীয়ে জিলা উপায়ুক্তসকলক অধিক সতর্ক হৈ থাকিবলৈ নির্দেশ দিয়ে৷ উপায়ুক্তসকলৰ সৈতে হোৱা ভিডিঅ’ কনফাৰেঞ্চত মুখ্যমন্ত্রীয়ে কয় যে দেশৰ বিভিন্ন প্রান্তৰ ক’ৰোনাৰ দ্বিতীয় ঢ়ৌৱে অসমত এতিয়াও জটিল পৰিস্থিতি সৃষ্টি কৰিব পৰা নাই৷ সেয়ে এই সংক্রমণ ৰোধৰ ক্ষেত্রত শীঘ্রে ব্যাপক পদক্ষেপ ল’লে অসমত অন্য ৰাজ্যৰ দৰে পৰিস্থিতি ভয়াৱহ নহ’ব৷

মুখ্যমন্ত্রীয়ে ইয়াৰ বাবে ক’ভিড পৰীক্ষা বৃদ্ধিৰ লগতে আক্রান্তসকলক যাৱতীয় চিকিৎসা প্রদানত গুৰুত্ব আৰোপ কৰে৷ এইক্ষেত্রত মুখ্যমন্ত্রীয়ে কয় যে সংক্রমণ ৰোধৰ বাবে মাইক্র’ কণ্টেইনমেণ্ট জ’ন সৃষ্টি কৰাৰ উপৰি সময়সাপেক্ষে পৰীক্ষণৰ ব্যৱস্থাই এই ৰোগ প্রতিৰোধ কৰাৰ ক্ষেত্রত সহায় হ’ব৷ বৈঠকত মুখ্যমন্ত্রীয়ে জিলা উপায়ুক্তসকলক টিকা উৎসৱৰ সফলতাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জনোৱা আহ্বান বাস্তৱায়িত কৰাৰ বাবে নির্দেশ দিয়ে৷

তদুপৰি পৰীক্ষা কার্য ব্যাপক ৰূপত চলাই নিয়াৰ বাবেও উপায়ুক্তসকলৰ নিয়ন্ত্রণত থকা স্বাস্থ্য বিভাগৰ বিষয়া আৰু কর্মচাৰীসকলক উপযুক্ত পদক্ষেপ লোৱাৰ বাবে নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে অধিক জনসমাগম হোৱা স্থান যেনে– ৰে’ল ষ্টেচন, বিমানবন্দৰ আদিত উপযুক্ত পৰীক্ষা কেন্দ্র স্থাপনৰ ক্ষেত্রতো আজি গুৰুত্ব আৰোপ কৰে৷ ৰাজ্যখনত প্রতিদিনে এক লাখ ক’ভিড পৰীক্ষা চলোৱাৰ বাবে নির্দেশ দিয়ে মুখ্যমন্ত্রীয়ে৷

এই ভিডিঅ’ কনফাৰেঞ্চযোগে হোৱা এই বৈঠকত মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হাৰ লগতে উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷

You May Also Like

More From Author