দীপলিনা ডেকালৈ শিলগুটি নিক্ষেপ! নাৰায়ণপুৰত আধাতে বন্ধ কৰিবলগীয়া হ’ল ৰাসৰ অনুষ্ঠান

দীপলিনা ডেকালৈ শিলগুটি নিক্ষেপ! নাৰায়ণপুৰত আধাতে বন্ধ কৰিবলগীয়া হ’ল ৰাসৰ অনুষ্ঠান

নাৰায়ণপুৰৰ ৰাসত অপ্ৰীতিকৰ পৰিস্থিতি। আধাতে বন্ধ কৰিবলগীয়া হ’ল ৰাসৰ অনুষ্ঠান। উক্ত অনুষ্ঠানত উপস্থিত আছিল জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাও। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসি, টেঙাপথাৰত আয়োজিত ৰাসোৎসৱৰ অনুষ্ঠানৰ মাজতে সংঘটিত হয় অপ্ৰীতিকৰ পৰিস্থিতি।

অনুষ্ঠানত মাজতে একাংশ উদণ্ড লোকে শিল্পীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। যাৰ ফলত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় প্ৰেক্ষাগৃহত। সেই অনুষ্ঠানত দৈৱকীৰ ৰূপত অভিনয় কৰিবলৈ উপস্থিত হৈছিল দীপলিনা। এই অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আধাতে বন্ধ কৰিবলগীয়া হয় ৰাসৰ অনুষ্ঠান।

Shahnawaz Hamza

Related