হোজাইৰ জামুহণ্ডলত মৃতদেহ উদ্ধাৰ এজন যুৱকৰ
হোজাই: সুৰেন বৰুৱা ৰিপোৰ্ট: আকৌ হোজাই জিলাৰ জামুমণ্ডলত ৰেলৰ খুন্দাত এজন যুবকৰ মৃত্যু
ৰেল পথৰ দাঁতিত তেজেৰে লুতুৰী পুতুৰী অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো।
মৃতদেহটো পৰিচয় উদ্ধাৰ হোৱাত তেলিবস্তিৰ সৌৰভ দেৱনাথ বুলি চিনাক্ত।
সৌৰভ দেৱনাথ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ লাষ্ট চেমিষ্টাৰৰ ছাত্ৰ।
নামনি মুৱা মালবাহীৰ ৰেলৰ খুন্দাত নিহত হোৱাৰ সন্দেহ স্তানীয় লোকৰ।
ৰেল আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।
হোজাই ৰেল আৰক্ষী মৃতদেহ উদ্ধাৰ কৰি মৰণতাৰ পৰীক্ষাৰ ভাবে প্ৰেৰণ কৰে।