25.5 C
Assam
Wednesday, February 8, 2023

Featured News

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ; মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ – প্ৰশ্বাস জনিত বেমাৰ!

দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে...

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ...

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব...

নাজিৰাৰ চণ্টকত অঘটন; চাহ বাগিছাৰ পুখুৰীত উদ্ধাৰ মহিলাৰ মৃতদেহ

Assamese Newsনাজিৰাৰ চণ্টকত অঘটন; চাহ বাগিছাৰ পুখুৰীত উদ্ধাৰ মহিলাৰ মৃতদেহ

নাজিৰাৰ চণ্টকত অঘটন।চাহ বাগিছাৰ কলঘৰৰ সমীপৰ এটা পুখুৰীত আজি পুৱাই উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ।ঘটনা সন্দৰ্ভত আটছাৰ সভাপতি,সম্পাদকৰ প্ৰতিক্ৰিয়া

মৃতদেহটো চণ্টক শিকলি দলংৰ সমীপৰ পুষ্পা বৰাইক(৪৫) বুলি জানিব পৰা গৈছে।

আজি পুৱাৰ পৰা নিৰুদ্দেশ হৈ আছিল পুষ্পা বৰাইক নামৰ এইগৰাকী মহিলা।

আজি পুৱাই মহিলাগৰাকী মৃতদেহটো চাহ বাগিছাৰ পুখুৰীত ওপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।

চণ্টক শিকলি দলংৰ সমীপৰ কিশোৰ বৰাইকৰ পত্নী আছিল পুষ্পা বৰাইক।

চণ্টক চাহ বাগিছা কলঘৰৰ সমীপৰ পুখুৰীত উদ্ধাৰ হোৱা পুষ্পা বৰাইকৰ মৃতদেহৰ কাষত উদ্ধাৰ হৈছে কেইবাখনো পাঁচশ টকীয়া নোট ।

মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সঠিক তদন্ত পোহৰলৈ আহিব এইয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড।

ঘটনাস্থলীত বিহুবৰ আৰক্ষী থানাৰ বিষয়ববীয়া উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে শিৱসাগৰৰ অসামৰিক চিকিৎসালয়লৈ।

চাহ বাগিছা অঞ্চলত এইদৰে পৰিত্যক্ত অৱস্থাত কোনোধৰণৰ দেৱাল নিদিয়াকৈ পুখুৰী খন্দাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আটছা চণ্টক শাখা সমিতিৰ সভাপতি বিচু তাঁতি আৰু সম্পাদক পাপু নিলমে।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট|

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!