তাই জীয়াই আছে : সংবাদ মাধ্যত ক’লে নন্দিতাৰ দেউতাকে

0 min read
শনিবাৰে দিন দুপৰতে ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰীৰ ওপৰত আক্ৰমণ চলাইছিল মহাবিদ্যালয়খনৰ এগৰাকী কৰ্মচাৰীয়ে ৷ মুঠ দুগৰাকী ছোৱালীৰ ওপৰত এইদৰে আক্ৰমণ কৰিছিল দূৰ্বিত্তই ৷ ইয়াৰে নন্দিতা শইকীয়া নামৰ ছাত্ৰী গৰাকী গুৰুতৰভাৱে আহত হোৱাৰ বাবে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছে ৷ পিছে, একাংশ সংবাদ মাধ্যমত শেহতীয়াকৈ নন্দিতাৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰচাৰ কৰা হৈছে ৷ সম্প্ৰতি এই অপপ্ৰচাৰ নকৰিবলৈ সংবাদ মাধ্যক আহ্বান জনাইছে তেওঁৰ পৰিয়ালৰ লোকে ।

You May Also Like

More From Author