কণ্ঠশিল্পী দীপলিনা ডেকাক মানসিক হাৰাশাস্তি; আটক যুৱক

কণ্ঠশিল্পী দীপলিনা ডেকাক মানসিক হাৰাশাস্তি; আটক যুৱক

মাজনিশা গুৱাহাটী মহানগৰীৰ চানমাৰি থানাত হঠাৎ উপস্থিত কণ্ঠশিল্পী দীপলিনা ডেকা । গুৱাহাটীৰ মৃদুল নাথ নামৰ এজন লোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি থানাত এজাহাৰ দাখিল কৰে শিল্পীগৰাকীয়ে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি লোকজনে মানসিক অত্যাচাৰ চলাই আহিছিল দীপলিনা ডেকাক। ফোনতো দীপলিনা ডেকাৰ সৈতে প্ৰায়ে অশ্লীল বাৰ্তালাপ কৰিব বিচাৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে দীপলিনা ডেকাই ৷

আনকি শুকুৰবাৰে সন্ধিয়া দীপলিনা ডেকাৰ বাসগৃহত অনাধিকাৰ প্ৰৱেশ কৰিছিল লোকজনে । ঘৰত প্ৰৱেশ কৰি দীপলিনা ডেকাক অশ্লীল শব্দৰে গালি-গালাজ কৰাৰ লগতে ঘৰৰ আচবাবো ভঙাৰ অভিযোগ উত্থাপন কৰিছে দীপলিনাই ।

অৱশেষত উপায়ান্তৰ হৈ মাজনিশা আৰক্ষীৰ কাষ চাপে কণ্ঠশিল্পীগৰাকী । ঘটনা সন্দৰ্ভত দীপলিনা ডেকাই চানমাৰি থানাত দাখিল কৰে এজাহাৰ । ইফালে চানমাৰি আৰক্ষীয়ে মৃদুল নাথক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।

Shahnawaz Hamza

Related