বিজেপি নেত্ৰীৰ ভাতৃৰ বাসগৃহত জব্দ পহু মাংস; দীৰ্ঘদিন ধৰি চলাই আহিছিল পহু মাংসৰ সৰবৰাহ

1 min read

বিজেপি নেত্ৰীৰ ভাতৃৰ বাসগৃহত জব্দ বৃহৎ পৰিমাণৰ পহু মাংস ৷ বৰপেটাৰ বিজেপি নেত্ৰী নমিতা পাটগিৰিৰ ভাতৃৰ সৰুভোগৰ সুমাৰঘাটৰ বাসগৃহত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অৰ্তকিতে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ পহু মাংসৰ টোপোলা ৷

আটক কৰে বিজেপি নেত্ৰী গৰাকীৰ ভাতৃ ধৰ্মেন্দ্ৰ পাটগিৰি আৰু আন এজন যুৱক জ্যোতিষ দাস ৷ উল্লেখ্য যে , বিজেপি নেত্ৰী গৰাকীৰ আটকাধীন ভাতৃ ধৰ্মেন্দ্ৰয়ে দীৰ্ঘদিনৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানত গোপনে চিকাৰ কৰিছিল পহু |

সৰু সৰু টোপোলা কৰি পহু মাংসৰ সৰবৰাহ কৰিছিল বিভিন্ন স্থানলৈ ৷ কিন্ত অৱশেষত আৰক্ষীৰ জালত পৰে পহু মাংসৰ বেহা কৰা ধৰ্মেন্দ্ৰ সহ তেওঁৰ সংগীজন ৷

ইতিমধ্যে আৰক্ষী আৰু বনকৰ্মীয়ে চোৰাং চিকাৰীজনৰ ঘৰৰ পৰা পহু মাংস আৰু চিকাৰত ব্যৱহাৰ হোৱা সা-সৰন্জাম জব্দ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

You May Also Like

More From Author