পুনৰ দিল্লীৰ চাৰিখনকৈ হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

পুনৰ দিল্লীৰ চাৰিখনকৈ হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

দেশৰ ৰাজধানী নতুন দিল্লী যেন শেহতীয়াকৈ উগ্ৰপন্থীৰ টাৰ্গেট হৈ পৰিছে ৷ কিছুদিন পূৰ্বে মহানগৰ খনৰ শতাধিক বিদ্যালয়ত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিৰ পিছত এইবাৰ টাৰ্গেট হৈছে চাৰিখন হাস্পতাল ৷

দিল্লীৰ প্ৰতিষ্ঠিত চিকিৎসালয় হেডগেৱাৰ চিকিৎসালয়, দীপ চান্দ বন্ধু চিকিৎসালয়, জিটিবি, দাদা দেৱ চিকিৎসালয়লৈ বোমাৰে উৰুৱাই দিয়াৰ ই-মেইলযোগে ভাবুকি পোৱাৰ পাছত সষ্টম হৈ পৰিছে দিল্লী আৰক্ষী।

দিল্লী আৰক্ষীৰ বোমা বিশেষজ্ঞ দলে হাস্পতাল চৌহদ তন্নকৈ তন্নকৈ পৰীক্ষণ কৰাৰ লগতে আৰক্ষীৰ এটা বিশেষ টিমে ইতিমধ্যে চাৰিওখন হাস্পতালত কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তুলিছে।

GTM Desk

Related