মুকলি হ’ল মহানগৰীৰ ধাৰাপুৰ বাছ আস্থান!

মুকলি হ’ল মহানগৰীৰ ধাৰাপুৰ বাছ আস্থান!

দীৰ্ঘদিন ধৰি যাতায়াত অসুবিধাত ভুগি আছিল মহানগৰৰ ধাৰাপুৰৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ লোকে। মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ধাৰাপুৰলৈ চিটিবাছ সেৱাৰ বাবে বহু আবেদন-নিবেদন জনাইছিল। অৱশেষত কামৰূপ মহানগৰ আয়ুক্ত, জিলা পৰিবহণ বিষয়া কাৰ্যালয়, মেট্ৰো ট্ৰেন্সপৰ্ট এছোচিয়েচন গুৱাহাটী (MTAG) ৰ যৌথ উদ্যোগত আজিৰে পৰা মুকলি হয় মহানগৰীৰ ধাৰাপুৰ বাছ আস্থান।

ফলত বাছত যাতায়াতৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব ধাৰাপুৰবাসীৰ লগতে দাঁতিকাষৰীয়া বৃহত্তৰ অঞ্চলৰ লোকে। আজিৰে পৰা 35 নম্বৰ চন্দ্ৰপুৰৰ পৰা ধাৰাপুৰলৈ 7 খন চিটি বাছ, 36 নম্বৰ বশিষ্ঠ মন্দিৰৰ পৰা AT ৰোড হৈ ধাৰাপুৰলৈ 127 খন বাছ, 37 নম্বৰ বশিষ্ঠ মন্দিৰৰ পৰা চান্দমাৰী হৈ ধাৰাপুৰ 23 খন বাছ , 38 নম্বৰ নাৰেংগীৰ পৰা ধাৰাপুৰলৈ 103 খন বাছ, 39 নম্বৰ পাঞ্জাবাৰীৰ পৰা চান্দমাৰি হৈ ধাৰাপুৰলৈ 61 খন বাছ আৰু 46 নম্বৰ বোন্দা কলনীৰ পৰা ধাৰাপুৰলৈ 9 খন বাছকে ধৰি মুঠ 330 খন উপলব্ধ হ’ব।

যদিহে এই সমূহ ধাৰাপুৰলৈ আগমন নকৰি আধা পথত ঘূৰাই তেনেহ’লে বাছ মালিকে ভৰিব লাগিব 10,000 টকাৰ জৰিমনাৰ লগতে 3 মাহৰ বাবে বৰ্খাস্ত কৰিব চালক হেণ্ডিমেনৰ অনুজ্ঞাপত্ৰ। ধাৰাপুৰৰ বাছ আস্থান মুকলি কাৰ্যসূচীত উপস্থিত থাকে জিলা পৰিবহণ বিষয়া ৰফিকুল ইছলাম, MTGA ৰ বিষয়াৰ লগতে ধাৰাপুৰ অঞ্চলৰ বিশিষ্ট লোক।

GTM Desk

Related