26.6 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

নগাঁৱৰ ধিঙত কবি সন্মিলনৰ “কাব্যধ্বনি” অনুষ্ঠান সম্পন্ন

Assamese Newsনগাঁৱৰ ধিঙত কবি সন্মিলনৰ "কাব্যধ্বনি" অনুষ্ঠান সম্পন্ন
নিউজ ব্যুৰ’,নগাঁও,২৭ফেব্ৰুৱাৰী:–সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্গত ধিং আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত নগাঁও জিলা কবি সন্মিলনৰ নিয়মীয়া ”কাব্যধ্বনি” অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হৈ যায় । নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি দিলীপ কুমাৰ নাথৰ বাসগৃহত ধিং আঞ্চলিক কবি সন্মিলনৰ সভাপতি নিৰলা শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাব্যধ্বনি অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদক পৰাগজ্যোতি মহন্ত,বিশিষ্ট কবি মদাৰজ্যোতি, সঞ্জীৱ সাগৰ চৌধুৰী,নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা দুৰ্গেশ্বৰ বৰকটকী,নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা,নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণ,নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
ধিং আঞ্চলিক কবি সন্মিলনৰ প্ৰাক্তন সাধাৰণ সম্পাদক দীপজ্যোতি কাকতিয়ে আঁত ধৰা অনুষ্ঠানত প্ৰথমেই সদৌ অসম কবি সন্মিলনৰ লগতে নগাঁও জিলা কবি সন্মিলনলৈ সেৱা  আগবঢ়োৱাৰ বাবে নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি দিলীপ কুমাৰ নাথ,দ্বিতীয়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা “অসমৰ সত্ৰ পৰম্পৰা আৰু পুৰুষ সংহতি (অবিভক্ত নগাঁওজিলাৰ বিশেষ উল্লেখনসহ)” বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা ধিঙৰ ড°অচ্যুৎ কুমাৰ শইকীয়াক সম্বৰ্ধনা  জ্ঞাপন কৰা হয় । তাৰ পাছতেই বিশিষ্ট কবি পৰাগজ্যোতি মহন্তই পৰ্যালোচনা কৰা কবিতা পাঠৰ অনুষ্ঠানত কবিতা পাঠ কৰে কবি ক্ৰমে বন্দনা ঠাকুৰীয়া,মদাৰ জ্যোতি,সঞ্জীৱ সাগৰ চৌধুৰী, চৌধুৰী,দুৰ্গেশ্বৰ বৰকটকী,ৰাজু সমীৰণ,অশোকৰাম ভট্টাচাৰ্য,শশী কেওট,দ্বিজেন্দ্ৰ নাথ হাজৰিকা, নিৰলা শইকীয়া,দিলীপ কুমাৰ নাথ,স্বপ্না দেৱী,ইন্দিৰা গোস্বামী ভট্টাচাৰ্য,খৰ্গেশ্বৰ বৰা,দুলুমনি ভূঞা,শিখা ৰাণী শইকীয়া পাঠক,ধনদা শইকীয়া,পল্লৱী শৰ্মা,পৱিত্ৰ ভৰালী,বিধান গগৈ, ৰূপম নাথ,অচ্যুৎ শইকীয়া,নৱ কাশ্যপ,অংকিতা গগৈ,গিৰিশ বৰুৱা,লক্ষ্যধৰ তালুকদাৰ, নিৰূপম হাজৰিকা,দীপজ্যোতি কাকতি,ক্ষীৰধৰ নাথ,নিত্যানন্দ বৰা,জীৱন নাথ,বিনি ডেকা দেৱী আৰু প্ৰভাৱতী দেৱীকে ধৰি ডেৰকুৰি কবিয়ে। কবিতা পাঠ অনুষ্ঠানৰ মাজতে কেইবাগৰাকী কবিয়ে গীত আৰু গীতি কবিতা পৰিৱেশন কৰি উপস্থিত কবি সকলক  আপ্লুত কৰি তোলে ।কবিতা পাঠ অনুষ্ঠানৰ অন্ত হোৱাৰ লগে লগে সদৌ অসম কবি সন্মিলনৰ কাব্যমন্ত্ৰ পাঠেৰে “কাব্যধ্বনি” অনুষ্ঠানৰ সামৰণি পৰে ।
    ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!