24.6 C
Assam
Sunday, June 26, 2022

Featured News

ধুবুৰীত কৃত্ৰিম বানঃ পৰিকল্পনাবিহীন নলা–নৰ্দমা নিৰ্মাণ তথা নিৰ্মাণৰ নামত এচাম ঠিকাদাৰৰ লুণ্ঠনৰ অভিযোগ

Assamese Newsধুবুৰীত কৃত্ৰিম বানঃ পৰিকল্পনাবিহীন নলা–নৰ্দমা নিৰ্মাণ তথা নিৰ্মাণৰ নামত এচাম ঠিকাদাৰৰ লুণ্ঠনৰ অভিযোগ

যোৱানিশা মুষলধাৰে হোৱা বৰষুণৰ পানী জমা হৈ ধুবুৰী চহৰৰ ঠায়ে ঠায়ে অবৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হয়। বৰষুণৰ পানী জমা হৈ সৃষ্টি কৃত্ৰিম বানপানীত চহৰখনৰ মূল বজাৰৰ এন. এছ. ৰোড নামৰ পথছোৱা বুৰ যোৱাৰ সমান্তৰালকৈ নিউ মাৰ্কেটস্থিত ধুবুৰী পৌৰসভা নিয়ন্ত্ৰণাধীন মাছ আৰু মাংসৰ বজাৰতো পানী জমা হৈ এক পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি কৰে।

তদুপৰি চহৰখনৰ জিলা কাৰাগাৰৰ সন্মূখৰ পথছোৱাকে ধৰি আৰক্ষী ছাউনীৰ এছোৱাত সৃষ্ট কৃত্ৰিম বানপানীয়ে আৰক্ষীকে ধৰি কাৰাগাৰত কয়েদিক ল’গ ধৰিবলৈ অহা আত্মীয়–স্বজনেও চৰম অসুবিধাৰ সন্মূখীন হোৱা দেখা যায়। আনকি বৰষুণৰ পানী জমা হৈ ধুবুৰীৰ বেচৰকাৰী বাছ আস্থান জলমগ্ন হৈ পৰাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হোৱা পোৱা যায় যাত্ৰীসকলেও।

ইফালে বৰষুণৰ পানী জমা হৈ ধুবুৰী চহৰৰ ১৩ আৰু ১৪ নং ৱাৰ্ডৰ এক বৃহৎ অংশ জলমগ্ন হৈ পৰাৰ ফলত অঞ্চল দুটাৰ ৰাইজ বৰ্তমানে চৰম বিপাংত পৰা বুলি জানিব পৰা গৈছে। আনকি অঞ্চলটোৰ বহুতৰ অনকি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হোৱাৰো অভিযোগ উঠিছে। ইফালে পৰিকল্পনাবিহীন ন’লা–নৰ্দমা নিৰ্মাণ, নলা–নৰ্দমাসমূহ ময়ে সময়ে পৰিস্কাৰ নকৰাৰ অভিযোগৰ উপৰি দীৰ্ঘ বহু বছৰৰ পৰা নলা–নৰ্দমা নিৰ্মাণ কৰাৰ নামত চলা লুণ্ঠনৰ বাবেই চহৰখনত আজি এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি ধুবুৰী পৌৰসভাৰ বিৰূদ্ধে ক্ষোভিত হৈ পৰাও দেখা গৈছে ভুক্তভোগীসকলৰ বহুতেই।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: