পৃথক জিলা গঠনৰ দাবীত 12 ঘন্টীয়া ডিমা হাছাও জিলা বন্ধৰ আহ্বান

পৃথক জিলা গঠনৰ দাবীত 12 ঘন্টীয়া ডিমা হাছাও জিলা বন্ধৰ আহ্বান

ডিমা হাছাও জিলাক দ্বিখণ্ডিত কৰি পৃথক দুখন জিলা গঠনৰ দাবীত অহা 8 নৱেম্বৰত ডিমা হাছাও জিলা বন্ধৰ আহ্বান জনাইছে ইণ্ডিজেনাচ পিপলছ ফৰামে । দীর্ঘ দিনৰ পৰা ইণ্ডিজেনাচ পিপলছ ফৰাম নামৰ সংগঠনটোৱে পৃথক জিলা গঠনৰ দাবী জনাই আন্দোলন অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, 2010 চনৰ 30 মাৰ্চ পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম সলনি কৰি ডিমা হাছাও জিলা কৰাৰ পিছৰে পৰা ডিমা হাছাও জিলাক দ্বিখণ্ডিত কৰাৰ দাবী উত্থাপন হৈ আহিছে ৷ তদুপৰি ভাৰতীয় সংবিধানৰ 244(2) আৰু 275(1) অনুচ্ছেদ অনুসৰি পৃথক জিলা আৰু পৃথক স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবী জনাই আহিছে ইণ্ডিজেনাচ পিপলছ ফৰামে ।

ইমানেই নহয় পৃথক জিলা গঠনৰ ইচ্ছু লৈ ৰাজ্য চৰকাৰৰ লগত ইণ্ডিজেনাচ পিপলছ ফৰামৰ বহুবাৰ বৈঠক অনুষ্ঠিত হৈছে ৷ ইয়াৰ পিচতো ৰাজ্য চৰকাৰে তেওঁলোকৰ দাবীক লৈ ইমান গুৰুত্ব নিদিয়া নাই বুলি অভিযোগ তুলিছে সংগঠনটোৱে ৷ ইয়াৰ পৰিপেক্ষিততে অহা 8 নৱেম্বৰত পৃথক জিলা গঠনৰ দাবীত 12 ঘণ্টাৰ ডিমা হাছাও জিলা বন্ধ ঘোষণা কৰিছে সংগঠনটোৱে ৷ পুৱা 5 বজাৰ পৰা বিয়লি 5 বজাৰলৈ এই বন্ধ ঘোষণা কৰিছে সংগঠনটোৱে ৷

GTM Desk