Advertisement

সপোনত মৃত লোক বা জীৱিত লোকক দেখাৰ কাৰণ জনি লওক

সপোনত মৃত লোক বা জীৱিত লোকক দেখাৰ কাৰণ জনি লওক

সপোনত মৃত লোকক দেখে নেকি!নাইবা জীৱিত লোকক মৃত!ইয়াৰ কাৰণ কি

*সপোন দেখাটো-এক অতিকে সাধাৰণ কথা। শিশুৱেই হওঁক বা বয়োবৃদ্ধই  হওক-সকলোৱে মাজে সময়ে সপোন দেখে।পাছে সকলো সপোন একেই নহয়।তাৰেই ভিতৰত কিছুলোকে মৃতলোকক সপোনত দেখে।কিছুমানে আকৌ জীৱিত লোককেই মৃত দেখে সপোনত।

*কিন্তু এনে সপোন দেখাটো ভাল নে বেয়া!কি অৰ্থ এনে সপোনৰ!

*মৃত লোকক সপোনত অসুস্থ বা সংকটত দেখা-

*যদি আপোনাৰ পৰিয়ালৰ-কোনো মৃত লোকক সপোনত ৰুগীয়া বা সংকটত দেখা পাইছে-তেনেহলে-এনে সপোনৰ অৰ্থ হৈছে যে-তেওঁলোকৰ আত্মাই শান্তি লাভ কৰা নাই।সপোনত আহি-সেইলোকে আপোনাক তেওঁলোকৰ-আত্মাৰ শান্তিৰ বাবে কিবা কৰিবলৈ সংকেট দিয়ে।এনে পৰিস্থিতিত পণ্ডিত বা জ্যেষ্ঠসকলৰ পৰামৰ্শ  অনুসৰি-তৰ্পন-শ্ৰদ্ধা বা দান আদি কৰিব পাৰে।

*এজন জীৱিত লোকক মৃত অৱস্থাত দেখা-

যদি আপুনি এজন জীৱিত ব্যক্তিক-সপোনত মৃত অৱস্থাত দেখা পাইছে-তেন্তে সপোনৰ ধাৰণা অনুসৰি-এনে সপোন বেয়াৰ ইংগিত নহয়।বৰঞ্চ সেই ব্যক্তিজনৰ বয়স-বৃদ্ধি হোৱাৰ লক্ষণ হে।

*বিশেষজ্ঞসকলৰ মতে-মৃত লোকক মনত ৰখা বা আলোচনা কৰাটোৱে-আপোনাক আৰু সেই মৃতলোকৰ আত্মা দুয়োকে আঘাত কৰে।সেয়ে-এই পৃথিৱী এৰি যোৱাজনৰ বিষয়ে-অন্ততঃ ধ্যান কৰা উচিত।

*বিশেষজ্ঞসকলে এইটো বিশ্বাস কৰে যে-কিছুমান লোকে বয়স সম্পূৰ্ণ নকৰাকৈয়ে মৃত্যু হয়।তেনে-লোকক সপোনৰ সাধাৰণতে দেখা পোৱা যায়।

*অৱশ্যে বিজ্ঞানৰ মতে-সপোনৰ কোনো সত্যতা নাই। ই-কেৱল নিদ্ৰাৰত অৱস্থাৰ দুৰ্বল মগজুৰ কিছুমান চিন্তা।(সংগ্ৰহিত)

Shahnawaz Hamza

Related