সাংবাদিক–সংবাদ কর্মীক অনুজ্ঞাপত্র দিব পৰিবহণ বিভাগে

1 min read

 মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সদিচ্ছা আৰু পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নির্দেশমর্মে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত সংবাদ সেৱাৰ ক্ষেত্রত একনিষ্ঠভাৱে জড়িত সাংবাদিক আৰু সংবাদ কর্মীসকলক থিতাতে গাড়ীচালনাৰ শিকাৰু অনুজ্ঞাপত্র (লার্নাৰ লাইচেঞ্চ) প্রদানৰ এক প্রশংসনীয় পদক্ষেপ গ্রহণ কৰা হৈছে৷

ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰে এশ দিন সফলতাৰে অতিক্রম কৰা উপলক্ষে এই পদক্ষেপ গ্রহণ কৰা বুলি কয় মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে দেশ তথা ৰাজ্যৰ বিভিন্ন ক্ষেত্রৰ উন্নয়নত গণতন্ত্রৰ চতুর্থ স্তম্ভ সাংবাদিক আৰু সংবাদ কর্মীসকলৰ ভূমিকা অতুলনীয় আৰু উল্লেখযোগ্য৷ বিভিন্ন জটিল পৰিস্থিতিতো সাংবাদিকসকলে অতন্ত্র প্রহৰীৰ দৰে সমাজ জীৱনলৈ অনবদ্য সেৱা আগবঢ়াই আহিছে৷ সেয়েহে সমাজৰ প্রতি উৎসর্গিত এইসকল লোকৰ দৈনন্দিন যাতায়াত আৰু যোগাযোগত সুবিধা হোৱাকৈ গাড়ীচালনাৰ একোখনকৈ শিকাৰু অনুজ্ঞাপত্র দিব বিচাৰিছোঁ আৰু এই সেৱা গ্রহণ কৰিবলৈ আহ্বান জনাইছোঁ৷

সেই অনুসৰি অহা ৩১ আগষ্টৰ পৰা মহানগৰীৰ বেতকুছিস্থিত জিলা পৰিবহণ বিষয়াৰ কার্যালয়ত এমাহৰ বাবে প্রতিদিনে ১০গৰাকীকৈ আবেদনকাৰীক থিতাতে অনুজ্ঞা–পত্র প্রদান কৰা হ’ব৷ জিলা পৰিবহণ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে ইচ্ছুক আবেদনকাৰীসকলে অনুজ্ঞাপত্রৰ বাবে নিজৰ নাম–ঠিকনা, বয়সৰ প্রমাণ–পত্রসহ Postal অথবা ‘http/sarathiparivahan.gov.in/sarathi service’ ত অনলাইনযোগে আবেদন কৰিব লাগিব৷

You May Also Like

More From Author