চাহ শ্ৰমিকক অৰুণাচলত অত্যাচাৰ কৰাৰ প্ৰতিবাদত অসম – অৰুণাচল সংযোগী চাংলাং পথত অৱৰোধেৰে উত্তাল প্ৰতিবাদ আছা’ৰ

0 min read

অৰুণাচল প্ৰদেশৰ চাংলাঙৰ চাহ বাগিছাত কৰ্মৰত মাৰ্ঘেৰিটাৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ ৩০ জনৰো অধিক চাহ শ্ৰমিকক শাৰিৰীক তথা মানসিক অত্যাচাৰ কৰি খেদি পঠোৱাকলৈ উত্তাল প্ৰতিবাদ সাব্যস্তু । সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত অসম অৰুণাচল সীমামূৰীয়া মাৰ্ঘেৰিটা মহকুমাৰ নামদাং স্থিত মাৰ্ঘেৰিটা – চাংলাং সংযোগী পথ অৱৰোধ কৰি আজি সাব্যস্ত কৰে এই প্ৰতিবাদ । অৰুণাচল আৰক্ষীয়েও এই ক্ষেত্ৰত সহযোগ কৰাৰ গুৰুতৰ অভিযোগ । এই অৱৰোধৰ ফলত কেইবাঘন্টা সম্পূৰ্ণৰূপত যাতায়ত ব্যাহত পৰে । পাছত মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশ তথা অসম অৰুণাচলৰ আৰক্ষী উপস্থিত হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰি অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে । ২৪ ঘন্টাৰ ভিতৰত ব্যৱস্থা নহ’লে পুনৰ আন্দোলন কৰাৰ হুমকি দিয়ে আছাই।

উল্লেখ যোৱা ১৯ আগষ্ট তাৰিখে মাৰ্ঘেৰিটা সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ৰাংকাটো চাহ বাগিচাত কৰ্মৰত ৩০ গৰাকী চাহ শ্ৰমিকক বাগান কৰ্তৃপক্ষই শাৰীৰিক মানসিক অত্যচাৰ চলাই কামৰ পৰা বিতাৰণ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত শ্ৰমিক সকলে অৰুণাচল আৰক্ষীক এজাহাৰ দাখিল কৰিছিল যদিও অৰুণাচল আৰক্ষীয়ে চাহ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি আজি এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
অন্যহাতে ২৪ ঘণ্টাৰ ভিতৰত যদি বাগিচা কৰ্তৃপক্ষ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাংকাটো চাহ বাগিচাখনে অসমৰ বিভিন্ন চাহ ফেক্টৰিত দিবলৈ অনা কেচা চাহ পাতৰ গাড়ীৰ চলাচলো বন্ধ কৰি দিয়া হ’ব বুলি হুমুকি প্ৰদান কৰে আজিৰ প্ৰতিবাদকাৰী সকলে।

You May Also Like

More From Author