fbpx
August 27, 2021

গুৱাহাটী আৰু হাফলঙৰ মাজত বিশেষ ভিষ্টাডোম ৰে’লসেৱা

পৰ্যটকৰ সুবিধাৰ্থে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে আৰম্ভ কৰিলে গুৱাহাটী আৰু হাফলঙৰ মাজত ভিষ্টাডোম ৰে’লসেৱা । বৃহস্পতিবাৰে গুৱাহাটী ৰে’লৱে ষ্টেচনত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক অঞ্চুল গুপ্তাই (GM Anshul Gupta) এই সেৱা মুকলি কৰে । এই বিশেষ ভিষ্টাডোম ৰে’লসেৱা গুৱাহাটীৰ পৰা নিউ হাফলঙলৈকে উপলব্ধ হ’ব ।

মান্দেৰদিছা আৰু মাইবং ৰে’লৱে ষ্টেচনত ষ্ট’পেজ থাকিব ভিষ্টাডোম ৰে’লসেৱাৰ ৷ প্ৰাৰম্ভিকতে সপ্তাহৰ প্ৰত্যেক শনিবাৰ আৰু বুধবাৰে এই ৰে’লসেৱা লাভ কৰিব যাত্ৰী তথা পৰ্যটক সকলে ৷ পৰ্যটকৰ সহাঁৰিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত এই ৰে’লসেৱাৰ ফ্ৰিকুৱেঞ্চী বৃদ্ধি কৰা হ’ব ।

ভিষ্টাডোম ডবাৰ সৈতে এই ৰেলখনত শীত-তাপ নিয়ন্ত্ৰণত চেয়াৰ কাৰো থাকিব, যি কেৱল অগ্ৰিম টিকট বুকিঙৰ আধাৰত বিশেষভাৱে সংৰক্ষিত সেৱা । ৰে’লখনে পুৱা ৬.৩৫ বজাত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু পুৱা ১১.৫৫ বজাত নিউ হাফলঙত উপস্থিত হ’ব ।

একেদিনাই ৰেলখনে নিউ হাফলঙৰ পৰা বিয়লি 5 বজাত উভতনি যাত্ৰা আৰম্ভ কৰিব আৰু নিশা 10.45 ত গুৱাহাটীত উপস্থিত হ’ব । উল্লেখ্য যে, ৪৪ খন আসনৰ ব্যৱস্থা থকা এই বিশেষ ৰে’লখন পৰ্যটকক অধিক স্বাচ্ছন্দ্য আৰু নান্দনিক সৌন্দৰ্যৰ অনুভৱ প্ৰদানৰ উদ্দেশ্যৰে আধুনিক সা-সুবিধাৰে সজ্জিত কৰি তোলা হৈছে ।

গুৱাহাটীৰ পৰা নিউ হাফলঙলৈ ভিষ্টাডোম ৰে’লসেৱাৰ আনুমানিক ৰেলভাড়া হ’ব ১,১৩০ টকা । AC চেয়াৰ কাৰৰ ভাড়া হ’ব ৪৭০ টকা । ৰে’লৱে ষ্টেচনসমূহত উপলব্ধ থকা টিকট কাউন্টাৰৰ জৰিয়তে টিকটৰ অগ্ৰিম বুকিং কৰিব পাৰিব । নাইবা “//www.irctc.com.in” ৱেবচাইটত টিকটৰ অনলাইন বুকিং উপলব্ধ হ’ব ।

error: Content is protected !!
%d bloggers like this: