ৰঙিয়াত ৰহস্যজনক ভাৱে উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ

1 min read

ৰঙিয়াত সৃষ্টি হৈছে এক চাঞ্চল্যকৰ হত্যা কাণ্ড ৷ ৰঙিয়াৰ বিছেন্নালাত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু হৈছে ৷ মৃতদেহটো উদ্ধাৰ হোৱাৰ পাচতে উত্তপ্ত হৈ পিৰছে মহিলা গাৰীকৰ স্বামীৰ গৃহ ৷ স্বামীৰ গৃহত হিমাশ্ৰী হালৈৰ মৃতদেহ উদ্ধাৰ হৈছে ডিঙিত চিপলৈ উলমি থকা অৱস্থাত ৷

অভিযোগ অনুসৰি হিমাশ্ৰী হালৈৰ স্বামী সঞ্জয় হালৈৰ কেইবাগৰাকী মহিলাৰ সৈতে আছিল অবৈধ সম্পৰ্ক । পত্নীয়ে বাধা দিলেই পত্নীৰ ওপৰত চলে শাৰীৰিক তথা মানসিক অত্যাচাৰ । শেহতীয়াভাৱে বুধবাৰেও এই প্ৰসংগত স্বামী-পত্নীৰ কাজিয়াৰ সূত্ৰপাত হৈছিল বুলি জানিব পৰা গৈছে । যাৰ বাবেই হয়টো সঞ্জয় হালৈয়ে নিজ পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে হিমাশ্ৰীৰ মাতৃ পৰিয়ালে ।

ইপিনে ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে বহু সংখ্যক লোক ঘটনাস্থলীত উপস্থিত হৈছে ৷

সম্প্ৰতি সকলোৱে একে মুখে হত্যাকাৰীক কঠোতকৈ কঠোৰতম শাস্তি বিহিবলৈ দাবী জনাইছে ৷ এতিয়া সময়তহে লক্ষণীয় হ’ব অভিযুক্ত অপৰাধীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে ৷

You May Also Like

More From Author