Driving License: হাতত মাত্ৰ ৪দিন, সলনি হ’ব ড্ৰাইভিং লাইচেন্সৰ লগত জড়িত বহু কেইটা নিয়ম!

1 min read

জানুৱাৰীৰ পৰা ড্ৰাইভিং লাইচেন্সৰ লগত জড়িত বহুখিনি নিয়ম সলনি হ’ব। বহুকেইখন ৰাজ্যই সিদ্ধান্ত লৈছে যে, লাৰ্নিং লাইচেন্স সহ আৰু কিছু বিষয়ত নতুন নিয়ম প্ৰৱৰ্তন কৰা হ’ব। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰণালয়ৰ নিৰ্দেশত বিহাৰ, ছত্তিশগড় সহ বহু কেইখন ৰাজ্যৰ পৰিবহণ বিভাগে ড্ৰাইভিং লাইচেন্স আৰু যানবাহনৰ পঞ্জীয়ন সম্পৰ্কীয় নতুন নীতি প্ৰয়োগ কৰিব।

আনহাতে, যদি আপোনাৰ ড্ৰাইভিং লাইচেন্স আৰু আৰ চিৰ ম্যাদ ল’ক ডাউনৰ সময়ছোৱাত উকলি গৈছে তেন্তে নবীকৰণ অহা ৩১ ডিচেম্বৰৰ পূৰ্বেই কৰিব লাগিব। অন্যথা ৫ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব।

ইয়াৰ ফলত বিহাৰৰ দৰে ৰাজ্যত লাৰ্নিং লাইচেন্স পোৱা সহজ হৈ যাব। পৰীক্ষা দিয়াৰ পিছত আবেদনকাৰীয়ে লাৰ্নিং লাইচেন্সৰ বাবে জিলা পৰিবহণ অফিচত অপেক্ষা কৰিব নালাগে। আবেদনকাৰীয়ে যিকোনো ঠাইৰ পৰাই ইয়াৰ অনলাই প্ৰিণ্ট উলিয়াব পাৰিব। ২৪ ডিচেম্বৰৰ পৰা পাটনা সহ ৰাজ্যখনৰ সকলো জিলাৰ পৰিবহণ অফিচত এই সুবিধা আৰম্ভ কৰা হৈছে।

Source: News18Assam

You May Also Like

More From Author