বিহুৰ অনুষ্ঠানত ড্ৰুণ আক্ৰমণৰ সন্মুখীন অভিনেত্ৰী ৰিচা চেত্ৰী
অসমৰ টিভি জগতৰ জনপ্ৰিয় ধাৰাবাহিক “বেহাৰবাৰী আউটপষ্ট” ৰ দুগৰাকী অভিনেত্ৰী ক্ৰমে চুমকি কছাৰী আৰু ৰিচা চেত্ৰী সন্মুখীন হ’ল ড্ৰ’ণ আক্ৰমণৰ। সামাজিক মাধ্যমত নিজৰ কেইখন মান ফটো আপলোড কৰি নিজৰ এই কথা ব্যক্ত কৰিলে অভিনেত্ৰী ৰিচাই। ৰঙালী বিহুৰ সৈতে সংগতি বিভিন্ন দল-সংগঠনে ওলোৱা শোভাযাত্ৰাত প্ৰায়ে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল উক্ত দুই অভিনেত্ৰীক। শোভাযাত্ৰাৰ পৰা উভতি আহি মঞ্চত ৰৈ থকা সময়ছোৱাতে এখন ড্ৰ’ণে আহি চুমকি কছাৰী আৰু ৰিচা চেত্ৰীক আঘাত কৰে। ৰিচা চেত্ৰীয়ে পষ্ট কৰা ফটো কেইখনত ডিঙিত সেই আঘাতৰ চিন দেখিবলৈ পোৱা গ’ল।
অভিনেত্ৰী গৰাকীয়ে ফটোগ্ৰাফাৰ তথা ভিডিঅ’গ্ৰাফাৰ সকললৈ অনুৰোধ জনায় কয় যে, “ড্ৰোন ব্যৱহাৰ কৰা সকলো ফটোগ্ৰাফাৰ বা কেমেৰা ব্যক্তিক মোৰ মৃদু অনুৰোধ। অনুগ্ৰহ কৰি এই বিষয়ে সাৱধান হ’ব। ইয়াক ভিৰৰ স্থানত ব্যৱহাৰ নকৰিব আৰু আনকি আপুনি কৰিলেও, অনুগ্ৰহ কৰি ভিৰৰ পৰা পৃথক হৈ থাকিব। আপুনি মানুহক নিয়ন্ত্ৰণ কৰিব নোৱাৰে কিন্তু আপুনি সুৰক্ষিত ফালে থাকিলে নিশ্চিতভাৱে আপোনাৰ ড্ৰোন নিয়ন্ত্ৰণ কৰিব পাৰে। অনুগ্ৰহ কৰি, এনে দুৰ্ভাগ্যজনক ঘটনাৰ বিষয়ে গম্ভীৰ হওঁক। মই জানো দুৰ্ভাগ্যবশতঃ দুৰ্ঘটনা সংঘটিত হয়, কিন্তু ইয়াৰ ফলত কাৰোবাৰ মৃত্যু হ’ব পাৰে। গতিকে, সাৱধান হওক বন্ধুসকল।”
তেওঁৰ এই পষ্টত বিভিন্ন জনে কমেণ্ট কৰা দেখিবলৈ পোৱা গ’ল। সেয়েহে, এতিয়া প্ৰশ্ন হয় আধুনিকতাৰ ধামখুমীয়াত দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা কেনেকৈ বিৰত থাকিব সকলো?