বশিষ্ঠ–সোণাপুৰত ড্রাগ্ছসহ তিনি সৰবৰাহকাৰী আৰক্ষীৰ জালত

0 min read

নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে অব্যাহত আছে মহানগৰ আৰক্ষীৰ অভিযান৷ মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে বুধবাৰে কেন্দ্রীয় কাৰাগাৰৰ সমীপত অভিযান চলাই ড্রাগ্ছ মাফিয়া মিথিংগা বসুমতাৰীক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ধৃত ড্রাগ্ছ মাফিয়াৰ পৰা ড্রাগ্ছভর্তি শতাধিক প্লাষ্টিকৰ কণ্টেইনাৰ উদ্ধাৰ কৰাৰ লগতে কিছু নগদ ধন আৰু ড্রাগ্ছ সৰবৰাহত ব্যৱহাৰ কৰা এ এছ ০১ ই জে–৮৭৩৫ নম্বৰৰ এখন বাহন জব্দ কৰে৷

ধৃত ড্রাগ্ছ ব্যৱসায়ীজনে আৰক্ষীৰ আগত স্বীকাৰোক্তি মতে মহানগৰীৰ কটাহবাৰী, লখৰা আৰু পল্টন বজাৰৰ নেপালী মন্দিৰৰ সমীপত এতিয়াও ড্রাগ্ছৰ নিষিদ্ধ বেহা চলি আছে৷ জামাল নামৰ এজনৰ নেতৃত্বত ড্রাগ্ছৰ বেহা চলি থকা বুলি স্বীকাৰোক্তি দিয়ে৷ ড্রাগ্ছ ব্যৱসায়ীজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷

ইপিনে, সোনাপুৰ আৰক্ষীয়ে বুধবাৰে ১১.৪০ গ্রাম হিৰইন আৰু নগদ ৯৫০০ টকাসহ দুজন ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰী দুজন অভিজিৎ দাস (২৪) আৰু ৰেম্ব ছংঘ টাইংছন (২৪) বুলি জানিবপৰা গৈছে৷ আৰক্ষীয়ে ধৃত ড্রাগ্ছ সৰবৰাহকাৰীৰ পৰা দুটা ম’বাইল ফোন আৰু এখন বাইক জব্দ কৰে৷

You May Also Like

More From Author