গান্ধীবস্তি–খাৰঘুলিত হেৰ’ইনসহ চাৰি সৰবৰাহকাৰীক গ্রেপ্তাৰ

0 min read

 ড্রাগ্ছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ ড্রাগ্ছবিৰোধী অভিযানৰ অংশ হিচাপে যোৱানিশা পল্টন বজাৰ আৰক্ষীয়ে গান্ধীবস্তি আৰু খাৰঘুলিত অভিযান চলাই ড্রাগ্ছসহ ৪ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইটা ক্রমে– ৰৌণকপ্রতিম মজুমদাৰ (৩৭), চেলিম আহমেদ (৩৮), ইদ্রিছ আলী (৩০) আৰু সুশীল বড়ো (৫২)৷ অভিযানকাৰী দলটোৱে এই ড্রাগ্ছ সৰবৰাহকাৰীকেইটাৰ্ পৰা ৫গ্রাম হেৰ’ইন, ৪২টা ম’বাইল ফোন, ৫টা চাবোনৰ বাকচ আৰু ২৩০টা খালী কণ্টেইনাৰ জব্দ কৰে৷ আৰক্ষীৰ জেৰাত ধৃত ড্রাগছ সৰবৰাহকাৰীকেইটাই দীর্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন স্থানত ড্রাগছৰ বেহা চলাই অহাৰ কথা স্বীকাৰ কৰিছে৷

You May Also Like

More From Author