হেঙেৰাবাৰীত গভাইত ম’বাইল চোৰক গ্রেপ্তাৰ

0 min read

দিছপুৰ আৰক্ষীয়ে অভিযান চলাই কালি এটা ম’বাইল চোৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যোৱা ১৯ আগষ্টত হেঙেৰাবাৰীৰ ৰাকেশ তালুকদাৰ নামৰ লোকজনৰ বাসগৃহৰ পৰা এটা লেপটপ আৰু দুটা ম’বাইল চুৰি কৰি নিছিল৷ ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত অভিযান চলাই দিছপুৰ আৰক্ষীয়ে দীপক দাস নামৰ চোৰটোক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত দীপকে চুৰি কৰা ম’বাইলৰ পৰা ফোন কৰি পঞ্চাশ হাজাৰ টকা দাবী কৰিছিল৷ ঘটনা সন্দর্ভত দিছপুৰ থানাত ৰুজু হোৱা ৩০০৫/২১ নম্বৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই দীপকৰ পৰা চুৰি সামগ্রীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

You May Also Like

More From Author