হাতত মৃত হাঁহ লৈ আৰক্ষী থানাত উপস্থিত এগৰাকী মহিলা

হাতত মৃত হাঁহ লৈ আৰক্ষী থানাত উপস্থিত এগৰাকী মহিলা

হাতত কেইটামান মৃত হাঁহ। মৃত হাঁহকেইটা লৈ আৰক্ষী থানাত উপস্থিত হ’ল এগৰাকী মহিলা। আৰক্ষী থানালৈ গৈ হাঁহকেইটাৰ মৃত্যুৰ বিচাৰ দাবী কৰিলে মহিলাগৰাকীয়ে। কৰিমগঞ্জৰ গিৰিছগঞ্জত সংঘটিত হৈছে এই ঘটনা। আছলতে হৈছিল কি?

ঘটনাৰ বিৱৰণী অনুসৰি, হাঁহ পালনেৰে পৰিয়াল পোহ–পাল দি আহিছিল ফয়ছুৰ নেছা নামৰ এইগৰাকী মহিলাই। প্ৰতিদিনৰ দৰে হাঁহকেইটা ঘৰৰ কাষত থকা বিলৰ পানীত এৰি দিছিল মহিলাগৰাকীয়ে। কিন্তু নিশালৈকে ঘৰলৈ উভতি নাহিল মহিলাগৰাকীৰ সাতটা হাঁহ। পিছদিনা হাঁহকেইটা বিচাৰি বিললৈ যোৱাত মৃত অৱস্থাত উদ্ধাৰ হয় চাৰিটাকৈ হাঁহ।

মহিলাগৰাকীয়ে সন্দেহ কৰা মতে, পৰিচিত কোনো লোকে বিহ ঢালি মাৰিছে হাঁহকেইটা। আৰু ইয়াৰ উচিত বিচাৰৰ বাবে মৃত হাঁহ কেইটা হাতত লৈ আৰক্ষীৰ কাষ চাপিল মহিলাগৰাকী।

GTM Desk