দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ তেল পৰিবাহী পাইপ ফুটি ভয়াৱহ গতিত খাৰুৱা তেল নিৰ্গমণ

দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ তেল পৰিবাহী পাইপ ফুটি ভয়াৱহ গতিত খাৰুৱা তেল নিৰ্গমণ

আতংকিতহৈ পৰিছে স্থানীয় ৰাইজ

 

দুলীয়াজানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহৰ সমীপৰ জাগুন পথাৰ গাঁৱত অইল ইণ্ডিয়া লিমিটেডৰ এডাল তেল পৰিবাহী পাইপলাইনত ভয়াৱহ গতিত খাৰুৱা তেল নিৰ্গমণ ঘটনা সংঘটিত হৈছে । প্ৰাপ্ত বাতৰি মতে অইল ইণ্ডিয়া লিমিটেডৰ বিভাগীয় একাংশ বিষয়া-কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতা তথা সোপাঢিলা স্বৰূপৰ বাবেই বিগত কেইবাদিনোধৰি উক্ত পাইপডাল পৰা অহৰহ গতিত খাৰুৱা তেল নিৰ্গমণ হৈছে । দুলীয়াজানৰ ম’হমাৰীস্থিত  অইল ইণ্ডিয়া লিমিটেডৰ তৈলক্ষেত্ৰৰ পৰা দুলীয়াজানৰ মুখ্য ঔদ্যোগিক এলেকাত অৱস্থিত কেন্দ্ৰীয় টেংক ফ্ৰামৰ লগত সংলগ্ন খাৰুৱাতেল পৰিবাহী পাইপলাইনডাল ফটাৰ ফলত বৃহৎ পৰিমাণৰ খাৰুৱা তেল নিৰ্গমণ হৈছে । শেহতীয়াকৈ পাইপলাইনৰ কাষতে থকা খেতিয়ক ৰাইজৰ পথাৰ আৰু পুখুৰীত খাৰুৱা তেলেৰে ভৰি পৰিছে । অইলৰ বিষয়া-কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ অইলৰ অগ্নিনিবাপক বাহিনীৰ সহায়ত টেংকাৰৰ যোগেদি তেল পুখুৰীৰ পৰা তুলি পুণৰ অইল ঔদ্যোগিক ক্ষেত্ৰলৈ নিয়াৰ ব্যৱস্থা কৰিছে যদিও তেল নিৰ্গমণ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই । ঘটনাস্থলীত যি কোনো মুহুৰ্ততে অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকাত স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে । ইফালে খাৰুৱা তেল পথাৰলৈ বিয়পি যোৱাৰ ফলত খেতি পথাৰৰ উৱৰা শক্তি হ্ৰাস হোৱা সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইফালে বাঘজানৰ ভয়াৱহ ঘটনাৰ শিক্ষা গ্ৰহণ নকৰিলে অইল কৰ্তৃপক্ষই । শেহতীয়াকৈ বিস্তৃত অঞ্চল খাৰুৱা তেল বিয়পি পৰিছে আৰু যিকোনো মুহূৰ্ততে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভৱনা আছে । যোৱা তিনি বছৰ পূৰ্বে উক্ত স্থানত অনুৰূপ ঘটনা সংঘটিত হৈ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ।

GTM Desk

Related