কাণৰ যতন!

0 min read

কল–কাৰখানাত শব্দ প্রদূষণৰ পৰা হাত সাৰিবলৈ কাণত শব্দ নোসোমাবলৈ ‘পেড’ ব্যৱহাৰ কৰিব লাগে৷
ইয়েৰ ফোন লগাই বা মিউজিক ছিষ্টেমত গান শুনিলে কেতিয়াও উচ্চ স্বৰত শুনিব নালাগে৷ সদায় সজাগ থাকিব লাগে, যাতে বাহিৰত কোনো অঘটন ঘটিলে গান শুনি থকা অৱস্থাটো তাৰ উমান পোৱা যায়৷
পানীত নামিলে বা সাঁতুৰিলে কাণত পানী নোসোমাবলৈ ‘পেড’ ব্যৱহাৰ কৰিব লাগে৷
কাণৰ পর্দাত ফুটা থাকিলে পৰাপক্ষত সাঁতুৰিব নালাগে৷ একেবাৰে উপায় নাথাকিলে ‘পেড’ ব্যৱহাৰ কৰিব লাগে৷
কাণৰ পৰা তেজ বা পূঁজ ওলালে চিকিৎসকৰ পৰামর্শ ল’ব লাগে৷
মূৰ ঘূৰাই থাকিলে কাণৰ পৰীক্ষা কৰাব লাগে৷
কাণৰ ভো–ভোৱনি বা ৰিংৰিঙাই থকা শব্দ শুনিলে ই এন টি বিশেষজ্ঞক দেখাব লাগে৷
কাণত কোনো বস্তু সোমালে নিজে নিজে উলিয়াবলৈ চেষ্টা নকৰি চিকিৎসকৰ কাষ চাপিব লাগে৷
দুর্ঘটনাগ্রস্ত হৈ কাণেৰে তেজ ওলালে মূৰৰ অস্থি বা মগজু আঘাতপ্রাপ্ত হ’ব পাৰে বুলি সন্দেহ কৰিব লাগে আৰু চিকিৎসালয়লৈ নিব লাগে৷
কোনো দুর্ঘটনাত কাণৰ পর্দা ফাটিলে তাক অস্ত্রোপচাৰ কৰি আৰোগ্য হ’ব পাৰি৷
কাণেৰে কম শুনিলে অডি’মেট্রি পৰীক্ষা কৰাব লাগে৷
শ্রৱণশক্তি কমিলে শ্রৱণ যন্ত্র ব্যৱহাৰ কৰিব পাৰি৷ আনহাতে শ্রৱণশক্তি সম্পূর্ণকৈ লোপ পালে তেনে ৰোগীৰ ক্ষেত্রত ককলিয়াৰ ইমপ্লাণ্ট যন্ত্র কাণত স্থাপন কৰিব লাগে৷

You May Also Like

More From Author