কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ কেৱল সুস্বাদুয়েই নহয় স্বাস্থ্যৰ বাবেও অত্যন্ত উপকাৰী। নিৰামিষাহাৰী লোকৰ বাবে পনীৰ খুৱাটো খুবেই দৰকাৰ।  পনীৰ হ’ল প্ৰচুৰ পৰিমাণৰ প্ৰ’টিনৰ উৎস। পনীৰত  চেলেনিয়াম( selenium) ,কেলচিয়াম আৰু পটেছিয়াম পোৱা যায়। ইয়াত থকা পটেছিয়াম স্মৃতি শক্তি ৰ বাবে খুব ভাল। চেলেনিয়ামে প্ৰজনন ক্ষমতা বঢ়ায়।

ব্যস্ততাভৰা জীৱনত হতাশা আৰু ক্লান্তি আঁতৰাবলৈ শৰীৰক পুষ্টিকৰ খাদ্যৰ দৰকাৰ। কেঁচা পনীৰ এইক্ষেত্ৰত খুব লাভদায়ক।

হাড়ৰ দুৰ্বলতাও দূৰ কৰে কেঁচা পনীৰে যিহেতু ইয়াত কেলচিয়াম ফছফৰাছ অধিক মাত্ৰাত পোৱা যায়।

 শৰীৰৰ অৱসাদ আৰু হতাশা দূৰীকৰণৰ বাবেও পনীৰ যথেষ্ট লাভদায়ক। ইয়াত থকা কেতবোৰ পুষ্টিকৰ তত্ত্বই শৰীৰৰ দুৰ্বলতা আৰু অৱসাদ আঁতৰোৱাত সহায় কৰে।

GTM Desk

Related