”মই কাম কৰি যাব লাগিব, মোৰ জীৱনটো সম্পূৰ্ণ সুখী!’’- ছানি লিঅ’নি

”মই কাম কৰি যাব লাগিব, মোৰ জীৱনটো সম্পূৰ্ণ সুখী!’’- ছানি লিঅ’নি
কঠোৰ সংগ্ৰামৰ অন্তত সুখী জীৱন লাভ কৰিছে ছানি লিঅ’নিয়ে। শেহতীয়া এক সাক্ষাৎকাৰত এইদৰে কয় অভিনেত্ৰীগৰাকীয়ে।
উল্লেখ্য যে ছানী লিয়নিৰ নাম প্ৰেম আৰু বিতৰ্কই আৱৰি থাকে। প্ৰাপ্তবয়স্ক ছৱিৰ জগতৰ পৰা বলীউডলৈ ছানীৰ যাত্ৰা বৰ মসৃণ নাছিল।
কিন্তু নীলা ছবিৰ জগতখন এতিয়া অতীত। তেওঁ চিনেমাৰ জগতত প্ৰৱেশ কৰিছে। বিগ বছৰ পৰাই তেওঁ অভিনেত্ৰী হিচাপে পৰিচিতি লাভ কৰিছে। শেহতীয়াকৈ তেওঁক অনুৰাগ কাশ্যপৰ কেনেডী ছবিত দেখা যাব। অনুৰাগৰ স’তে কাম কৰাক লৈ ছানীয়ে কয় যে এয়া তেওঁৰ যেন সপোন বাস্তৱায়িত হোৱাৰ দৰে!
বলিউডত কৰা সংগ্ৰামৰ বিষয়ে অভিনেত্ৰীগৰাকীয়ে ক’লে- ”বহু কথা সহ্য কৰিবলগীয়া হৈছে। ভয়ংকৰ প্ৰতিকূলতা অতিক্ৰম কৰিছে, কিন্তু এতিয়া সকলো ঠিকেই আছে। দহ বছৰত বহুতেই ঘটিছে। কিন্তু মোৰ বিশ্বাস ভগৱানে মোক বহুত ভাল পায়।’’
অভিনেত্ৰীগৰাকীৰ মতে, ‘মই কাম কৰি যাব লাগিব। মানুহৰ প্ৰতি সদয় থাকিব লাগিব। এতিয়া জীৱনটো সম্পূৰ্ণ সুখী।’’

Shahnawaz Hamza

Related