20.6 C
Assam
Tuesday, March 21, 2023

Featured News

Congress Confident to Win all 14 Lok Sabha seats in Assam

Guwahati: The Congress party in Assam is...

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ...

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

আন্তৰ্জাতিক বঁটা বিজয়ী চকু চিকিৎসা সেৱা কেন্দ্ৰ ই.আৰ.চি এতিয়া উত্তৰ লখিমপুৰত উপলব্ধ

Assamese Newsআন্তৰ্জাতিক বঁটা বিজয়ী চকু চিকিৎসা সেৱা কেন্দ্ৰ ই.আৰ.চি এতিয়া উত্তৰ লখিমপুৰত উপলব্ধ

উত্তৰ লখিমপুৰ, ২৮ জানুৱাৰীঃ পূব ভাৰতৰ এক আগশাৰীৰ চকু চিকিৎসা প্ৰতিষ্ঠান ERCLens.com উত্তৰ লখিমপুৰত উদ্ধোধন কৰা হয়। এতিয়ালৈ ৫ লাখতকৈ অধিক ৰোগীৰ সফলতাৰে চকুৰ চিকিৎসা সম্পন্ন কৰাৰ পাছত সমগ্ৰ অসম, পশ্চিম বংগ, নাগালেণ্ড আৰু বিহাৰৰ শাখাবোৰৰ লগতে, ERCLens.com এ সমগ্ৰ উত্তৰ লখিমপুৰৰ জনসাধাৰণক কম ব্যয়তে উচ্চ মানদণ্ডৰ চকুৰ চিকিৎসা প্ৰদান কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। এই উপলক্ষে অনুষ্ঠানটোত স্থানীয় সাংবাদিক সকলৰ বিনামূলীয়াকৈ চকুৰ পৰীক্ষাও কৰা হয়।

ERCLens.com হৈছে অসম ভিত্তিক এক ষ্টাৰ্ট-আপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিশ্ব বেংকৰ ৱাশ্বিংটন ডিচি কাৰ্যালয়কে আদি ধৰি বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে। ২০২০ চনত, বিশ্বজুৰি শীৰ্ষ ৫০ উদীয়মান টেক কোম্পানী সমূহৰ ভিতৰত অন্তৰ্ভূক্ত কৰি পুৰস্কৃত কৰা হৈছিল।

ERClens.com আৰু ইয়াৰ সৈতে জড়িত প্ৰযুক্তি ব্যৱহাৰ কৰি, প্ৰতিজন লোককে নিজৰ ঘৰৰ দুৱাৰদলিত কম ব্যয়তে অতি উন্নতমানৰ চকু চিকিৎসা প্ৰদান কৰিব পৰাকৈ সকলোবোৰ সহজলভ্য কৰি তোলাটোৱে হৈছে প্ৰধান লক্ষ্য।

ই.আৰ.চিৰ অন্তৰ্গত প্ৰতিখন চিকিৎসালয় গুণগত মানদণ্ডৰে পৰিবেষ্টিত। । নেপাল আৰু দক্ষিণ ভাৰতত প্ৰশিক্ষণ প্ৰাপ্ত চিকিৎসক আৰু দলসমূহ এই প্ৰতিষ্ঠানৰ লগত জড়িত হৈ অতি উন্নতমানৰ চিকিৎসা সেৱা আগবঢ়াই আহিছে। ৰোগী সকলক সৰ্বোত্তম চিকিৎসা আৰু সকলো প্ৰকাৰৰ সেৱা – সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে এই প্ৰতিষ্ঠানটোৱে আমেৰিকা যুক্তৰাজ্যৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ সৈতে অংশীদাৰ হৈছে।

উত্তৰ লখিমপুৰৰ সৌমৰপীঠ চিকিৎসালয়ে জনসাধাৰণক উৎকৃষ্টমানৰ চকু চিকিৎসা সেৱা প্ৰদান কৰাৰ লক্ষ্যৰে ERCLens.com ক আমন্ত্ৰণ জনাইছে। চকুৰ ছানি ধৰাৰ দৰে সাধাৰণ অস্ত্ৰোপচাৰৰ বাবে নেপাল বা অন্য দুৰণিবতিয়া ঠাইলৈ দীঘলীয়া ভ্ৰমণ কৰিবলগীয়া হোৱা লোকসকলক সহায় কৰিবলৈ এই পদক্ষেপ হাতত হোৱা হৈছে।

উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মাৰ্কেটিং বিভাগৰ লগত জড়িত শ্ৰীযুতা ডেইজী শইকীয়াই কয় যে “উত্তৰ লখিমপুৰৰ সকলো জাতি- জনগোষ্ঠীক সেৱা আগবঢ়াবলৈ পাই ERCLens.com অতিশয় আনন্দিত। যি সমূহ অঞ্চলত এতিয়াও চকু চিকিৎসা সেৱা সহজলভ্য নহয়, তেনে ঠাই সমূহত সেৱা আগবঢ়াবলৈ ই.আৰ.চি অতিকৈ আগ্ৰহী। কিছু পলমকৈ হ’লেও আমাৰ সম্পূৰ্ণ সেৱাসমূহ ইয়াত উপলব্ধ হোৱাৰ বাবে আমি যথেষ্ঠ সুখী।”

এই চেগতে তেঁও অনুষ্ঠানত উপস্থিত লোকসকলক তেওঁলোকৰ ফোনত এপটো ডাউনলোড কৰি ইয়াক ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে। সৌমৰপীঠ চিকিৎসালয়ৰ ডাঃ কে এম ৰিভা দাস, শ্ৰীযুতা দীক্ষাৰ লগতে সৌমৰপীঠ চিকিৎসালয় আৰু ই.আৰ.চিৰ অন্যান্য কৰ্মচাৰীও অনুষ্ঠানটিত উপস্থিত আছিল।

উত্তৰ লখিমপুৰৰ ৰাইজৰ বাবে ই.আৰ.চিৰ সকলো সেৱা www.erclens.com ত উপলব্ধ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!