Advertisement

হাইস্কুল শিক্ষান্ত পৰীক্ষাঃ চাৰিটা বিষয়ৰ প্ৰশ্নকাকতৰ সমান্তৰালভাৱে পৃথক হ’ব উত্তৰবহী

হাইস্কুল শিক্ষান্ত পৰীক্ষাঃ চাৰিটা বিষয়ৰ প্ৰশ্নকাকতৰ সমান্তৰালভাৱে পৃথক হ’ব উত্তৰবহী

পূর্বৰ তুলনাত এইবাৰ বহু পৃথক হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্রিক)৷ নতুন শিক্ষা নীতি অনুসৰি চাৰিটা বিষয় ক্রমে ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ৰ প্রশ্ণকাকতৰ সমান্তৰালভাৱে পৃথক হ’ব উত্তৰবহীও৷ এই প্রশ্ণকাকতত অবজেক্টিভ ধৰণৰ প্রশ্ণ থাকিব ৫০ শতাংশ৷

আনহাতে, বর্ণনামূলক প্রশ্ণ থাকিব ৫০ শতাংশ৷ অর্থাৎ শিক্ষার্থীয়ে ১ নম্বৰৰ ৫০টা প্রশ্ণৰ উত্তৰ লিখাৰ সুযোগ লাভ কৰিব৷ গণিত বিষয়ৰ ক্ষেত্রত উত্তৰবহীখন অবজেক্টিভ কাকতৰ সুবিধা হোৱাকৈ প্রস্তুত কৰা হ’ব৷ প্রতিটো অবজেক্টিভ প্রশ্ণৰ বিপৰীতে উত্তৰ বিচাৰি পাব পৰাকৈ প্রশ্ণ সমাধান কৰিবলৈ খালী ঠাইৰ ব্যৱস্থা থাকিব৷ পৰীক্ষাৰ দিনটোত পৰীক্ষা আৰম্ভ হোৱাৰ পূর্বে ৮.৪৫ বজাত ৮টা পেজৰ অবজেক্টিভ উত্তৰবহীখন পৰীক্ষার্থীসকলক দিয়া হ’ব৷ ৯.৪৫ বজাত ১৬টা পেজৰ বর্ণনামূলক প্রশ্ণৰ বাবে উত্তৰবহীখনো শিক্ষার্থীসকলক দিয়া হ’ব৷ গণিতৰ বহীখন উকা হোৱাৰ লগতে গ্রাফ থাকিব৷ ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞানৰ উত্তৰবহীকেইখন ৰুলিং দিয়া হ’ব৷ দুয়োখন উত্তৰবহী পৰীক্ষার্থীসকলে সংলগ্ণ কৰি বান্ধি দিব লাগিব৷

এনে পৰিস্থিতিত ইতিমধ্যে বিভিন্ন পর্যায়ত প্রশিক্ষণ আৰম্ভ কৰিছে ছেবাই৷ এই সম্পর্কে ছেবাৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শর্মাই কয় যে এইবাৰ এই চাৰিটা বিষয়ত প্রশ্ণকাকতৰ সমান্তৰালভাৱে উত্তৰবহী সম্পূর্ণ নতুন ধৰণৰ হ’ব৷ প্রশ্ণকাকতত অবজেক্টিভ আৰু বর্ণনামূলক দুটা ধৰণৰ প্রশ্ণ থাকিব৷ এইবাৰ ইংৰাজী, গণিত, বিজ্ঞান, সমজা বিজ্ঞান বিষয়ত কৰা হৈছে৷ পর্যায়ক্রমে বাকী বিষয়বোৰো কৰা হ’ব৷

উলেখ্য যে এইবাৰ ৰাজ্যৰ মুঠ ৯১২টা কেন্দ্রত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ এই পৰীক্ষাত এইবাৰ ৪ লাখ ২৩ হাজাৰ পৰীক্ষার্থী অৱতীর্ণ হ’ব৷ ২৪ আৰু ২৫ ফেব্রুৱাৰীত ১৯টা বিষয়ত ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ ৰাজ্যৰ ৭১২টা কেন্দ্রত ৬১ হাজাৰ পৰীক্ষার্থী ব্যৱহাৰিক পৰীক্ষাত অৱতীর্ণ হ’ব বুলি জনাইছে পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শর্মাই৷ উল্লেখ্য যে পৰীক্ষাসূচী অনুসৰি ৩ মার্চত অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা৷ আনহাতে ৬ মার্চত গণিত, ৯ মার্চত সমাজ বিজ্ঞান, ১৩ মার্চত সাধাৰণ বিজ্ঞান, ১৫ মার্চত অসমীয়া আৰু ২০ মার্চত ঐশ্চিক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে ইতিপূর্বে ঘোষিত সময়সূচী অনুসৰি ২৪ আৰু ২৫ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব ব্যৱহাৰিক পৰীক্ষা৷

Shahnawaz Hamza

Related