Exclusive : যোৰহাটৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত জলসম্পদ মন্ত্ৰীক আছুৰ স্মাৰকপত্ৰ প্ৰদান৷মেলেং ছিগাত এখন শ্লুইছ গেট নিমানৰ মন্ত্ৰীৰ আশ্বাস ৷

1 min read

যোৰহাটৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত জলসম্পদ মন্ত্ৰীক আছুৰ স্মাৰকপত্ৰ প্ৰদান৷মেলেং ছিগাত এখন শ্লুইছ গেট নিমানৰ মন্ত্ৰীৰ আশ্বাস ৷

যোৰহাট :১০ আগষ্ট:আজি অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক যোৰহাট আৱৰ্ত ভৱনত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে সাক্ষাৎ কৰি যোৰহাট বানপানীৰ স্হায়ী সমস্যা আৰু গৰাখহনীয়া সমস্যাৰ স্হায়ী সমাধানৰ দাবীত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগাঠনিক সম্পাদক জুল খাউণ্ড, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সূৰ্য্য কুমাৰ ভূ্ঞা, সাধাৰণ সম্পাদক জিতু নেওগ, সহকাৰী সম্পাদক বিজয় শংকৰ বৰদলৈ ,যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ বৰা ,মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক বিতোপন শৰ্মা, যোৰহাট মহকুমা ছাত্ৰ সন্থা সদস্য দেৱাশিস বৰদলৈ , যোৰহাট জিলা উপাযুক্ত ৰশ্মি অপৰাঞ্জিতা কৰাটি ,জলসম্পদ বিভাগৰ কায্যবাহী অধীক্ষক ৰবীন বৰা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা দিপক কুমাৰ শৰ্মাৰ সৈতে যোৰহাট জিলাৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ সম্পৰ্ক এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা কৰা হয় ৷প্ৰসংগ : যোৰহাট জিলাৰ বান আৰু গৰাখহনীয়া সমস্যা সন্দৰ্ভত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক সদৌ যোৰহাট জিলা। আলোচনাত ঠাই পোৱা বিষয়সমূহ হ’ল ভোগদৈৰ ছিগা অংশৰ পুনৰ নিৰ্মাণ,টীয়ক আৰু পূব যোৰহাট ৰাজহ চক্ৰৰ অন্তৰ্ভূক্ত মেলেঙ ছিগাত এখন শ্লুইছ গেট নিৰ্মাণ, টীয়ক সমষ্টিৰ জাঁজীমুখৰ বান সমস্যাৰ স্থায়ী সমাধান,নিমাতী-ললিতিমুখ আৰু নেউলগাঁৱক বানৰ কৱলৰ পৰা সুৰক্ষা প্ৰদান,মাজুলীৰ সমগ্ৰ মথাউৰি সৱলীকৰণ,দক্ষিণপাট-কমলাবাৰী,ভকতচাপৰি আৰু দক্ষিণ মাজুলীৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা,ভোগদৈৰ দুয়োপাৰে মথাউৰি নিৰ্মাণ আৰু ভোগদৈ খনন বিষয়কেইটাই আলোচনাকালত স্থান পাই। জলসম্পদ মন্ত্ৰীগৰাকীয়ে আলোচনাৰ সময়ত কাৰ্যবাহী অভিযন্তা আৰু অধীক্ষক অভিযন্তা গৰাকীক টীয়ক সমষ্টিৰ মেলেং ছিগাৰ সমস্যা সমাধানৰ অৰ্থে দুই কোটি পঞ্চাশ লাখ টকাৰ এক প্ৰাককলন প্ৰস্তুত কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে আৰু তেওঁ প্ৰয়োজনীয় অনুমোদনৰ কাম কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Isfaq Ali rrport, Guwahati Times.

You May Also Like

More From Author