পোহনীয়া জীৱ জন্তুৰ মৃত্যুয়ে শিশুৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়

পোহনীয়া জীৱ জন্তুৰ মৃত্যুয়ে শিশুৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়
শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশ পাইছে যে পোহনীয়া জীৱ জন্তুৰ সৈতে গৰাকীৰ এক বিশেষ আবেগিক সম্পৰ্ক থাকে । পোহনীয়া জীৱ জন্তুৰ মৃত্যুৱে শিশুৰ মনত দুঃখ বোধ সৃষ্টি কৰে আৰু এয়াই শিশুৰ মানসিক স্বাস্থ্যত পৰৱৰ্তী সময়ত বিশেষ প্ৰভাৱ পেলাব পাৰে ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন চিকিৎসালয়ৰ গবেষণাৰ পৰা লাভ কৰা তথ্য অনুসৰি শিশু আৰু যুৱ-প্ৰজন্মৰ সৈতে পোহনীয়া জন্তুৰ যি আবেগিক সম্পৰ্ক থাকে সি পিছলৈ মানসিক ভাৱে প্ৰভাৱ পেলাই সেই শিশু নাইবা যুৱক, যুৱতীগৰাকীক অৱসাদত আক্ৰান্ত কৰাব পাৰে ।
এই গৱেষণা মুঠ ৬,২৬০টা শিশুৰ ওপৰত কৰা হৈছিল আৰু তাৰ পৰাই উপৰোক্ত সিদ্ধান্তত উপনীত হ’ব পৰা গৈছে বুলি সংস্থাটোৱে জানিব দিয়ে । সংস্থাৰ এগৰাকী সদস্যই কয় যে ঘৰৰ বয়সীয়া সকলে এই কথাত মন কৰিব লাগে যে যদিহে শিশুৰ যি অনুভৱ, আবেগ সেয়া এটা সময়তকৈ অধিক সময়ৰ বাবে ৰৈছে তেন্তে শিশুটোৰ বাবে চিকিৎসকৰ সহায় লোৱাটো অতি প্ৰয়োজনীয় ।

Shahnawaz Hamza

Related