মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনা বুধবাৰে মুকলি হ’ব ফাঁচীবজাৰৰ নৱনির্মিত পদসেতু

মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনা বুধবাৰে মুকলি হ’ব ফাঁচীবজাৰৰ নৱনির্মিত পদসেতু

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ দিনা মহানগৰবাসীক উপহাৰ। বুধবাৰে অনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব ফাঁচীবজাৰৰ নৱনির্মিত পদসেতু। প্ৰায় ১০ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰা এই পদসেতুখনত থাকিব অত্যাধুনিক সা-সুবিধা।

ফাঁচীবজাৰলৈ যাব বিচৰা পথচাৰীসকলৰ বাবে থাকিব বৈদ্যুতিক চিৰি। বয়োজ্যেষ্ঠসকলৰ বাবে আছে পদসেতুৰ দুয়োকাষে লিফটৰ ব্যৱস্থা। তাৰ সমান্তৰালকৈ বিশ্ববিখ্যাত এশিঙীয়া গঁড় আৰু মা কামাখ্যাৰ পোষ্টাৰ লগোৱা হৈছে এই উৰণীয়া সেতুখনত। ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ ফাঁচীবজাৰৰ লোকৰ সুবিধাৰ বাবে নিৰ্মাণ কৰি উলিওৱা এই ফুটব্ৰীজখনৰ পৰা ৰাইজে উপভোগ কৰিব পাৰিব মহাবাহুৰ নান্দনিক দৃশ্য।

৭২.৯৩ মিটাৰ দৈৰ্ঘ্যৰ এই পদসেতুখন মাত্ৰ এটা বছৰৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়াইছে ঠিকাদাৰ অনিল দাসে। পূৰ্বে অনিল দাসৰ তত্ত্বাৱধানত ছুপাৰমাৰ্কেটৰ দৰে উৰণীয়া সেতু অতি কম দিনৰ ভিতৰতে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল।

পদসেতুখনৰ কাম এটা মাহৰ পূৰ্বে সমাপ্ত হৈছিল যদিও মুখ্যমন্ত্ৰীৰ জন্মদিনৰ বাবে ১ ফেব্ৰুৱাৰীৰ দিনটোত মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্মাতাসকলে।এই ফুটব্ৰীজে এতিয়া ফাঁচীবজাৰলৈ অহা যোৱা কৰা লোকৰ অসুবিধা দূৰ কৰাটো নিশ্চিত। উল্লেখযোগ্য যে, শীঘ্ৰে মুকলি হ’ব গুৱাহাটীত নিৰ্মাণ হৈ থকা আন কেইবাখনো উৰণীয়া সেতু।

GTM Desk

Related