গুৱাহাটী: নিজ কন্যাক হত্যা কৰি অন্তৰ্ধান পিতৃ

1 min read

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ গড়চুক আৰক্ষী থানাৰ অন্তৰ্গত পূৱ বৰাগাঁৱৰ গোঁসাইগাঁৱত । পিতৃয়ে হত্যা কৰিলে ১৩ বছৰীয়া কন্যাক। বিচনাত কম্বল দি ঢাকি থোৱা অৱস্থাত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ ৷

কিন্তু স্বামী আৰু কন্যাৰ কোনো খবৰ নাপায় ঘৰৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি বিচনাত কম্বল দি ধাকি ৰখা অৱস্থাত কন্যাৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে পাৰ্বতীয়ে ।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে যদিও মৃতদেহটোত কোনো আঘাতৰ চিন পোৱা নাই । বিহ খুৱাই নাইবা গাৰুৰে হেচি কিশোৰীগৰাকীক পিতৃ বল বাহাদুৰে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ পৰিবাৰিক কণ্ডলৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ । আনহাতে বৰ্তমানলৈ বল বাহাদুৰ বিশ্বকৰ্মাৰ কোনো সুং সূত্ৰ পোৱা নাই আৰক্ষীয়ে ।

You May Also Like

More From Author