21.1 C
Assam
Wednesday, February 8, 2023

Featured News

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ; মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ – প্ৰশ্বাস জনিত বেমাৰ!

দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে...

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ...

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব...

কেন্সাৰৰ পৰা দূৰত থাকক; ৰাতিপুৱাৰ জলপান হিচাপে পইতা ভাত খাওঁক!

Assamese Newsকেন্সাৰৰ পৰা দূৰত থাকক; ৰাতিপুৱাৰ জলপান হিচাপে পইতা ভাত খাওঁক!

গ্ৰাম্য জীৱনৰ এক অবিচ্চেদ্য অংগ হৈছে পইতা ভাত । পইতা ভাতৰ লগত আলু পিটিকা, বেঙেনা পোৰা পিটিকা, আলু পোৰা পিটিকা আৰু মাছৰ পোৰা পিটিকাৰ সোৱাদৰ সমান হয়তো কোনো আহাৰৰ জুতিত পোৱা সম্ভৱ নহয় ।

পইতা ভাত তৈয়াৰ কৰাও একেবাৰে সহজ । গৰম ভাতত পানী ঢালি থৈ দিলেই পইতা ভাত তৈয়াৰ হয় । পইতা ভাত শৰীৰৰ বাবে খুবেই উপকাৰী । কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰাত পইতা ভাতে যথেষ্ট সহায় কৰে। এই সৰ্বজনবিদিত পইতা ভাতৰ উপকাৰী গুণসমূহ হৈছে –
১/ পইতা ভাতে মানুহৰ পাচনতন্ত্ৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে । অৰ্থাৎ শৰীৰৰ তাপ নিয়ন্ত্ৰণ কৰাত পইতা ভাতৰ ভূমিকা উল্লেখনীয় ।

২/ পইতা ভাতত মেটাবলাইট আইছ’ৰশ্যামেনেটিন -চেভেন-গ্লুকোচাইড পোৱা যায় । যি কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে ।

৩/ পইতা ভাতত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায় । যি হাড় মজবুত কৰাত সহায় কৰে ।

৪/ পইতা ভাতত প্ৰচুৰ পৰিমাণে চৰ্ট ছেন ফেটি এচিড থাকে। যি অন্তৰ স্বাস্থ্যৰ উন্নতিত সহায়ক হয় ।

৫/ পইতা ভাত সাধাৰণ ভাততকৈ বহু বেছি পুষ্টিকৰ আৰু ই সহজে হজমো হয় ।

৬/ পইতা ভাতত প্ৰচুৰ পৰিমাণে আইৰণ থাকে । যি শৰীৰত তেজ বৃদ্ধি কৰাৰ লগতে ৰক্তহীনতা ৰোগ প্ৰতিৰোধ কৰে ।

গতিকে আপুনি পুৱাৰ আহাৰ হিচাপে পইতা ভাত বাচনি কৰি দিনটোলৈ শৰীৰটো ঠাণ্ডা কৰি ৰখাৰ লগতে পেটৰ বিভিন্ন সমস্যাৰ পৰাও হাত সাৰি থাকিব পাৰিব ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!