27 C
Assam
Saturday, October 1, 2022

Featured News

Meghalaya CM Virtually Inaugurates 50 Upgraded Schools

Meghalaya chief minister Conrad K Sangma virtually...

Assam CM inaugurates new flyover in Guwahati

Assam Chief Minister Himanta Biswa Sarma on...

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি।...

গুৱাহাটীত থলুৱা ঠিকাদাৰে নির্মাণ কৰা প্রথমখন উৰণীয়া সেতু

Assamese Newsগুৱাহাটীত থলুৱা ঠিকাদাৰে নির্মাণ কৰা প্রথমখন উৰণীয়া সেতু

উত্তৰ–পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত যান–জঁটৰ সমস্যা লাঘৱ কৰাৰ লক্ষ্যৰে কেইবাখনো উৰণীয়া সেতুৰ নির্মাণৰ কাম চলি আছে৷ মহানগৰীৰ অতি ব্যস্ত অঞ্চল ৰাজধানী দিছপুৰক যান–জঁটৰ সমস্যাৰ পৰা মুক্ত কৰি ৰখাৰ বাবে দুখনকৈ উৰণীয়া সেতু নির্মাণ কৰা হৈছে৷

এই সন্দর্ভত ৰাজ্য চৰকাৰৰ লোকনির্মাণ বিভাগৰ দিছপুৰ ক্ষেত্রীয় পথ সংমণ্ডলৰ (পথ) কার্যবাহী অভিযন্তা প্রণৱ ৰাভাই জানিবলৈ দিয়া মতে, ইয়াৰ ভিতৰত চানমাৰিৰ পৰা গণেশগুৰি সংযোগী ৰাধাগোবিন্দ পথত নির্মাণ কৰা উৰণীয়া সেতুখন অহা দুর্গাপূজাৰ সময়ত মুকলি কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ দুই বছৰৰ ভিতৰত নির্মাণ সম্পূর্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা সেতুখন নির্ধাৰিত সময়তকৈ পাঁচ–ছয় মাহ আগতে সম্পন হ’ব বুলি কার্যবাহী অভিযন্তা প্রণৱ ৰাভাই সদৰী কৰিছে৷

ইফালে, ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ থলুৱা ঠিকাদাৰেও যাতে উৰণীয়া সেতুকে ধৰি ৰাজ্য চৰকাৰৰ বৃহৎ প্রকল্পসমূহ নির্মাণ কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ তাৰ অংশ হিচাপে দিছপুৰ ছুপাৰ মার্কেটত যুদ্ধ কালীন তৎপৰতাৰে নির্মাণ কৰি থকা উৰণীয়া সেতুখন গুৱাহাটীৰ পার্শ্বৱর্তী মির্জাৰ অনিল দাস নামৰ এজন থলুৱা ঠিকাদাৰক নির্মাণৰ দায়িত্ব দিয়া হৈছে৷

২০১৯ চনৰ ৮ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা আৰু ১২৭.২০ কোটি টকা ব্যয়েৰে আন্তর্জাতিক মানেৰে নির্মাণ কৰি থকা সেতুখন নির্মাণ সম্পূর্ণ কৰাৰ তিনি বছৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল৷ কিন্তু প্রথমবাৰৰ বাবে গুৱাহাটীৰ উৰণীয়া সেতু নির্মাণৰ দায়িত্ব লাভ কৰা থলুৱা ঠিকাদাৰে বিভাগীয় মন্ত্রীৰ নির্দেশনা অনুসৰি অহা ব’হাগ বিহুৰ সময়ত যাতে নির্মাণকার্য সম্পূর্ণ হয়, তাৰ বাবে দিনে–নিশাই কাম কৰি আছে৷

কার্যবাহী অভিযন্তাগৰাকীয়ে সদৰী কৰা অনুসৰি দুইলেনযুক্ত সেতুখনৰ মুঠ দৈর্ঘ্য হ’ব ৮২৫ মিটাৰ৷ ইয়াৰে ছুপাৰ মার্কেটৰ পৰা লাষ্টগেটলৈ অংশটোৰ দৈর্ঘ্য হ’ব ৩৯৪ মিটাৰ৷ চাৰে সাত মিটাৰ বহল সেতুখনত মুঠ ইস্পান থাকিব ২৫টা৷ অত্যাধুনিক প্রযুক্তিৰে নির্মাণ কৰি থকা সেতুখনৰ দিছপুৰ ছুপাৰ মার্কেটৰ টি আকৃতিৰ জংচনত বক্স গার্ডাৰ থাকিব৷ দিছপুৰ সচিবালয়ৰ পৰা ডাউন টাউনলৈকে উৰণীয়া সেতুখন একমুখী হ’ব৷ লাষ্টগেটলৈ পথছোৱা দুইমুখী হ’ব৷ ইফালে, মালিগাঁৱৰ উৰণীয়া সেতুখনৰো নির্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ অনুপম শর্মাও তৎপৰতাৰে কাম কৰিছে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: