বজাৰত ওলাল ১৩২ কেজি ওজনৰ বিশালকায় মাছ দাম শুনিলে আপুনিও হ’ব আচৰিত!

বজাৰত ওলাল ১৩২ কেজি ওজনৰ বিশালকায় মাছ দাম শুনিলে আপুনিও হ’ব আচৰিত!

উৰুকাৰ বজাৰত আপুনি বহুত ডাঙৰ-ডাঙৰ, দামী-দামী মাছ দেখিলে। ৫০ কেজি ওজনৰ মাছৰ পৰা আৰম্ভ কৰি ৩০ হাজাৰ টকীয়া মাছ দেখিলে আপুনি।

কিন্তু আজি আমি আপোনাক দেখুৱাম এটা ১৩২ কেজি ওজনৰ মাছ। হাইলাকান্দি চহৰতলীৰ বেচিক চাৰিআলি বজাৰত ওলাল ১৩২ কিলোগ্ৰাম ওজনৰ এটা বৃহৎকায় মাছ।

হাইলাকান্দিৰ স্থানীয় লোকে মাছটোক বাঘ মাছ বুলি জনাইছে। এই মাছটো দেখাৰ পিছতে বজাৰত ভিৰত কৰে স্থানীয় লোকে।

মাছটো বজাৰত অনাৰ মাত্ৰ আধা ঘণ্টাৰ ভিতৰত বিক্ৰী সম্পূৰ্ণ। প্ৰতি কিলোগ্ৰাম ৭০০ টকাৰ মূল্যত বিক্ৰি কৰা হয় মাছটো।

১৩২ কেজি ওজনৰ মাছটো বিক্ৰী কৰি মুঠ ৯২ হাজাৰ টকা লাভ কৰা হৈছে মাছ বিক্ৰেতাই।

Shahnawaz Hamza