22.7 C
Assam
Friday, May 20, 2022

Featured News

Over 6.62 lakh hit by flood in Assam; death toll rises to 9

The flood situation in Assam further deteriorated...

6 Naga Rebels Surrender

In a major achievement in the insurgency...

Nilamani Sen Deka Expelled From Assam Congress

Opposition Congress in Assam on Wednesday expelled...

বৰপেটাত পৰা আটক পাঁচ সন্ত্ৰাসবাদী

Assamese Newsবৰপেটাত পৰা আটক পাঁচ সন্ত্ৰাসবাদী

পুনৰ পোহৰলৈ আহিছে সন্ত্ৰাসবাদী সংগঠনৰ সদস্যৰ আটকৰ ঘটনা ৷ বিগত কিছুদিন ধৰি এই বিষয়টো সংবাদ মাধ্যমৰ পৰা আঁতৰত আছিল ৷ কিন্তু পুনৰ ৰাজ্যত শিপাইছে সন্ত্ৰাসবাদী সংগঠন ৷

চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অসম আৰক্ষীৰ বিশেষ শাখাই বৰপেটা আৰক্ষীৰ সহযোগত শুকুৰবাৰে নিশা চলাই এক অভিযান ৷ এই অভিযান কালতে বৰপেটাৰ ভিন্ন অঞ্চলৰ পৰা আটক কৰা হয় 5 জনকৈ জেহাদী সদস্যক ৷ হাউলী, বৰপেটা, কলগাছিয়া থানাৰ অধীনষ্ঠ এলেকাৰ পৰা আটক কৰা লোক 5 জনে বাংলাদেশৰ সৈতে সম্পৰ্কিত এটা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত থকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ৷

আটকাধীন কেইজন হৈছে টাইমুৰ ৰহমান খান (৫৪), নুচাদ আলী (40), বাদশ্বাহ সুলেইমান খান (২৮), খাইৰুল ইছলাম (২৭), মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ৷

আটকাধীন সদস্যসকলৰ প্ৰাথমিক জেৰাৰ অন্তত দেখা যায় যে, ছাইফুল ইছলাম ওৰফে হাৰুণ ৰছিদ ওৰফে মহম্মদ সুমন নামৰ ব্যক্তিজন বাংলাদেশৰ বাসিন্দা ৷ যিয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল ৷ ব্যক্তিজনে ঢাকলিয়াপাৰা মছজিদৰ শিক্ষক হিচাপে কৰ্মৰত আছিল ৷

তদুপৰি ছাইফুলে আল-কায়দা আৰু অন্যান্য সন্ত্ৰাসবাদী সংগঠনৰ অবৈধ কাৰ্যকলাপত লিপ্ত থকাৰ লগতে বৰপেটাত এই কাম-কাজসমূহ সম্প্ৰসাৰণ কৰাৰ দায়িত্বত ন্যস্ত আছিল ৷ কেৱল এয়াই নহয়, ব্যক্তিজনে আনছাৰুল্লাহ বাংলা দল (ABT) নামৰ এটা সন্ত্ৰাসবাদী সংগঠনৰ সদস্যভৰ্তিৰ কামতো নিয়োজিত আছিল বুলি জানিব পৰা গৈছে ৷ 5 জনীয়া সদস্যকেইজনৰ পৰা আৰক্ষীয়ে বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰাৰ লগতে কিছুসংখ্যক বৈদ্যুতিক সা-সৰঞ্জাম উদ্ধাৰ কৰে ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত বৰপেটা থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 268/2022 U/S 120(b)/121/121(A) নম্বৰ, R/W Sec 17/18/18(b)/19/20/UA(P) Act. 1967 ৰ পাছপ’ৰ্ট আই’ৰ অধীনত R/W Sec 21(1)(c) নম্বৰত আৰু 1946 ৰ বিদেশী আইনৰ R/W Sec 14(a) (b) এক গোচৰ ৰুজু কৰা হৈছে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: