নার্জিফুলেৰে ছালৰ যতন

1 min read

উজ্জ্বল আৰু দাগবিহীন ছাল এখনৰ গৰাকী হ’বলৈ সকলোৰেই ইচ্ছা থাকে৷ বজাৰত বহু সৌন্দর্যৰ প্রসাধন উপলব্ধ৷ কিন্তু সকলো প্রসাধনেই আকাংক্ষিত ফল দিব নোৱাৰে৷ সেয়েহে প্রাকৃতিকভাৱে উপলব্ধ সামগ্রীৰে ছালৰ যত্ন লোৱা উচিত৷ এনে সামগ্রীসমূহ প্রস্তুত কৰাটোও উজু৷ আজি নার্জিফুলেৰে প্রস্তুত কৰিব পৰা ছালৰ বাবে উপযুক্ত কেইবিধমান সামগ্রীৰ বিষয়ে ক’ব খোজা হৈছে৷
নার্জিফুলৰ ফেচ মাস্ক: তিনিপাহ নার্জিফুল ল’ব৷ এতিয়া পাহিবোৰ আঁতৰাই পেলাব৷ ফুলৰ ভিতৰৰ পাহিবোৰ লাগি থকা সেউজীয়া অংশকেইটা পেলাই নিদিব৷ এই অংশটোৱে ছালৰ সকলো ধৰণৰ সংক্রমণ ৰোধত সহায় কৰে৷ এখন কেঁচীৰ সহায়ত পাহিবোৰৰ ক’লা অংশটো কাটি ল’ব৷ এতিয়া ভালদৰে পাহিবোৰ ধুই পেলাই মিক্সিত দি এটা পেষ্ট বনাব৷ বৰ ধুনীয়া ৰঙৰ পেষ্ট এটা প্রস্তুত হ’ব৷ নার্জিফুলৰ এই পেষ্টটোত মচুৰ দাইলৰ গুৰি মিহলাব৷ লগত তিনি চামুচ কেঁচা গাখীৰ মিহলাব৷ তিনিওবিধ সামগ্রী একেলগে মিহলাই ল’ব৷ মুখমণ্ডল কুহুমীয়া পানীৰে ধুব৷ ইয়াৰ ফলত নোমৰ গুৰিবোৰ খোল খাই যাব৷ এতিয়া আপোনাৰ মুখ আৰু ডিঙিত এই মিশ্রণটো লগাব৷ মিশ্রণটো শুকাবলৈ দিব৷ শুকোৱাৰ পাছত কুহুমীয়া পানীত আপোনাৰ আঙুলিকেইটা জুবুৰিয়াই লৈ মুখ আৰু ডিঙিত লাহে লাহে ঘঁহি ফুলৰ মিশ্রণটো আঁতৰাব৷ ইয়াৰ ফলত আপোনাৰ ছালৰ মৃতকোষ আঁতৰি যাব আৰু উজ্জ্বল এখন ছাল আপুনি উপহাৰ পাব৷ এই স্ক্রাব আপুনি সপ্তাহত দুদিন ব্যৱহাৰ কৰিব পাৰে৷
উপকাৰিতা: মিশ্রণটোত ব্যৱহাৰ হোৱা মচুৰ দাইলৰ গুৰিয়ে মৃত ছাল আঁতৰাই মুখমণ্ডল কোমল কৰি পেলাব আৰু ফলত আপুনি পূর্বতকৈ উজ্জ্বল ছাল পাব৷ কেঁচা গাখীৰে প্রাকৃতিকভাৱে ছাল উজ্জ্বল কৰে৷ তদুপৰি গাখীৰত থকা ভিটামিন, প্রটিন আদিয়ে ছালখনৰ উজ্জ্বলতা দিয়ে৷
শুকান ছালৰ বাবে নার্জিফুলৰ ফেচপেক: এচামুচ নার্জিফুলৰ পাহি পিছি ল’ব আৰু তাত এচামুচ ক্রীম থকা গাখীৰ আৰু আধা চামুচ মৌ মিহলাব৷ সকলো সামগ্রী মিহলাই মুখমণ্ডল আৰু ডিঙিত লগাই শুকাবলৈ দিব৷ কুহুমীয়া পানীৰে ধুই পেলাব৷ সপ্তাহত দুদিন এই মিশ্রণ ব্যৱহাৰ কৰিব পাৰে৷
তৈলাক্ত ছালৰ বাবে নার্জি ফুলৰ ব্যৱহাৰ: এচামুচ নার্জিফুলৰ পাহিৰ মিশ্রণ আৰু এচামুচ দৈ, আধা চামুচ নেমুৰ ৰস আৰু এচামুচ গোলাপজল মিহলাব৷ মুখমণ্ডলত লগাই ভালদৰে শুকুৱাৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাব৷ দৈত থকা লেক্টিচ এচিডে মৃত ছাল নিষ্কাশনত সহায় কৰে৷ ইয়াৰ ফলত ছালখনলৈ এটা প্রাকৃতিক উজ্জ্বলতা আহে৷
সাধাৰণ ছালৰ বাবে নার্জী ফুলৰ পেক: এচামুচ নার্জিফুলৰ পাহীৰ মিশ্রণত এচামুচ বেছন বা আটা আৰু এচামুচ কেঁচা গাখীৰ মিহলাব৷ এই সকলো মিহলাই প্রস্তুত কৰা মিশ্রণটো ডিঙি আৰু মুখত লগাই শুকাবলৈ দিব৷ কুহুমীয়া পানীৰে মুখমণ্ডল ধুব৷ প্রতি সপ্তাহত তিনিদিন এই মিশ্রণ লগাব৷

 

You May Also Like

More From Author