টীয়ক পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ দুটাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা কৰিলে সাংসদ তপন কুমাৰ গগৈয়ে

1 min read

টীয়ক পৌৰসভাৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ শংকৰ আজান পথ আৰু জহাখাট বাৰঘৰ পথটি পৌৰসভাৰ পঞ্চদশ বিত্তীয় আয়োগৰ ২০২১-২২ বৰ্ষৰ অনুমোদিত টকাৰে নিৰ্মাণ হ’বলগীয়া পথ দুটিৰ আজি আধাৰশিলা স্থাপন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।

১০নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত ত্ৰৈলোক্য ভুঞাই আতধৰা উক্ত উদ্বোধনী অনুষ্ঠানত টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ, উপ পৌৰপতি মাধৱী হাজৰিকা,টীয়ক পৌৰসভাৰ কাৰ্যবাহী বিষয়া সৌভিক ভুঞা, পৌৰসভাৰ ৱাৰ্ড আয়ুক্ত ক্ৰমে তুলতুল হাজৰিকা,মৃনাল বৰদলৈ,চিম্পী বৰুৱা,শিখাজ্যোতি দত্ত,বিজেপি যোৰহাট জিলাৰ সভাপতি হেমন্ত কলিতা,জ্যেষ্ঠ বিজেপি নেতা অমৰ শইকীয়া,জিতু হাজৰিকা,জিলা যুৱ মৰ্চাৰ সভাপতিয়ে প্ৰমুখ্য কৰি স্থানীয় ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি পৌৰসভাই লোৱা এই পদক্ষেপক আদৰণি জনাই আৰু পৰ্যায়ক্ৰমে আন আন সমস্যাসমূহৰো এইদৰে সমাধান কৰি যাব বুলি আশা প্ৰকাশ কৰে।

You May Also Like

More From Author