চেলেংহাটত বিশ্ব চাহ দিৱস উদযাপনঃ ৰাইজৰ মাজত বিনামূলীয়াকৈ জৈৱিক গ্ৰীণ টি বিতৰন

চেলেংহাটত বিশ্ব চাহ দিৱস উদযাপনঃ ৰাইজৰ মাজত বিনামূলীয়াকৈ জৈৱিক গ্ৰীণ টি বিতৰন

বিশ্ব চাহ দিৱস উপলক্ষে মৰিয়নিৰ চেলেংহাটস্থিত পুঞ্জয় অৰ্গেনিকৰ স্বত্বাধিকাৰী, বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক মহাসংঘৰ সম্পাদক অচ্যুপ্ৰসাদ গগৈয়ে ব্যতিক্ৰমী ধৰনে উদযাপন কৰে।

অচ্যুৎপ্ৰসাদ গগৈয়ে বিশ্ব চাহ দিৱস উপলক্ষে  পথচাৰীৰ মাজত বিনামূলীয়াকৈ লক্ষাধিক মূল্যৰ জৈৱিক গ্ৰীণ টি বিতৰন কৰে। উল্লেখ যে, ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুপ্ৰসাদ গগৈয়ে নিজ গৃহত পুঞ্জয় অৰ্গেনিকৰ নামৰ বেণ্ডত জৈৱিক  গ্ৰীণ টীৰ লগতে আনকেইবা প্ৰকাৰৰ চাহ প্ৰস্তুত কৰি আহিছে।

অচ্যুৎ প্ৰসাদ গগৈৰ দ্বাৰা উৎপাদিত চাহ দেশে বিদেশেও সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত গ্ৰীণ টি জনপ্ৰিয় কৰা উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবৰ বাবে বিশ্ব চাহ দিৱসৰ দিনটোত প্ৰতিবছৰে বিনামূলীয়াকৈ গ্ৰীণ টি বিৰতন কৰি অহা বুলি জানিবলৈ দিয়ে পুঞ্জয় অৰ্গেনিকৰ স্বত্বাধিকাৰী অচ্যুত প্ৰসাদ গগৈয়ে।

আনহাতে আজি দিনটোতে চেলেংহাটবাসীয়ে সহজে লাভ কৰিব পৰাকৈ পুঞ্জয় অৰ্গেনিকৰ উৎপাদিত বিভিন্ন জৈৱিক চাহ আৰু জৈৱিক কৃষি প্ৰযুক্তি বিধান আৰু ইয়াৰ বাবে প্ৰয়োজনীয়  কেঁচুসাৰ, গোমূত্ৰ মিশ্ৰণেৰে প্ৰস্তুত কৰা জৈৱিক সাৰ বিক্ৰীৰ এখন বিপনীও মুকলি কৰে।

Shahnawaz Hamza