সমস্যাৰে ভাৰাক্রান্ত পাঞ্জাবাৰী বতাহঘুলি; গুৰুত্ব নাই জনপ্রতিনিধিৰ

0 min read

গুৱাহাটী মহানগৰীৰ দিছপুৰ সমষ্টিৰ অন্তর্গত একাংশ অঞ্চলক আজিও উন্নয়নমূলক আঁচনিয়ে ঢুকি পোৱা নাই৷ নির্বাচনৰ সময়ত বিভিন্ন দলৰ প্রতিনিধিয়ে সমষ্টিৰ ৱার্ডসমূহত প্রৱেশ কৰি যাৱতীয় সমস্যা সমাধানৰ প্রতিশ্রুতিৰ বন্যা বোৱাই ৰাইজৰ ভোট আদায় কৰি ক্ষমতা ভোগ কৰি আহিছে যদিও বছৰ বছৰ ধৰি অঞ্চলবাসীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্রত ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ অনুন্নত বাট–পথকে ধৰি বিশুদ্ধ খোৱাপানীৰ অভাৱৰ লগতে এশ এবুৰি সমস্যাৰ মাজত দিন পাৰ কৰি আহিছে যদিও এইক্ষেত্রত জনপ্রতিনিধি তথা গুৱাহাটী পৌৰ নিগমে বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷

বিশেষকৈ দিছপুৰ সমষ্টিৰ অন্তর্গত মহানগৰীৰ ৩১নং ৱার্ডৰ বাসিন্দাসকলে বিভিন্ন সমস্যাৰ সৈতে সহাৱস্থান কৰি আহিছে৷ পৰিৱর্তনকামী চৰকাৰৰ কার্যকালত স্থানীয় লোকে অধীৰ আশাৰে বাট চাই আছিল যদিও চৰকাৰৰ কার্যকাল প্রায় উকলি যোৱাৰ সময়লৈকে ৩১নং ৱার্ডৰ সমস্যাসমূহ সমাধান কৰা নহ’ল৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে ৩১নং ৱার্ডৰ পাঞ্জাবাৰী, বতাহঘুলি আৰু সাতগাঁও অঞ্চলৰ একাংশ বাট–পথৰ অৱস্থা আজিও জৰাজীর্ণ হৈ আছে৷ দিছপুৰ সমষ্টিৰ অন্তর্গত ৩১নং ৱার্ডৰ বহু অঞ্চলৰ পথ–উপপথ ২০ বছৰে পকীকৰণ হোৱা নাই৷ ফলত এজাক বৰষুণ দিলেই পথত বোকা–পানী জমা হোৱাৰ বাবে স্থানীয় লোকে যাতায়াতৰ ক্ষেত্রত দুর্ভোগ ভুগিবলগীয়া হৈছে৷ প্রায় ৫০ হাজাৰ লোক বসবাস কৰা এই অঞ্চলসমূহত খোৱাপানীৰ সমস্যা অন্যতম সমস্যা হিচাপে চিহ্ণিত হৈছে৷ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে অঞ্চলবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে৷

খোৱাপানীৰ সমস্যা সমাধানৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী পৌৰ নিগমে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰিব বুলি বিভিন্ন সময়ত প্রতিশ্রুতি দি আহিছে যদিও সেয়া আজিলৈকে সম্ভৱ হৈ উঠা নাই৷ যাৰ বাবে ৩১নং ৱার্ডৰ পাঞ্জাবাৰী, সাতগাঁও আৰু বাঘৰবড়ি অঞ্চলৰ লোকে খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ ইপিনে, বতাহঘুলিৰ পাহাৰ এলেকাত বাস কৰা লোকে দৈনিক পানী ক্রয় কৰাৰ লগতে আন একাংশই নিজৰাৰ পানী ব্যৱহাৰ কৰিয়েই জীৱন নির্বাহ কৰি আহিছে৷ অৱশ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগে অঞ্চলটোত পানী যোগান ধৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে যদিও সেয়া পর্যাপ্ত নহয়৷ আনহাতে, অঞ্চলটোত পর্যাপ্ত ডাষ্টবিন নথকাৰ বাবে ৰাস্তাৰ কাষতে জাবৰ পেলাই পৰিৱেশ বিনষ্ট কৰিছে৷ পথৰ দাঁতিৰ জাবৰৰ দ’মৰ লগতে একাংশ লোকে পদপথ বেদখল কৰি ব্যৱসায় কৰাৰ বাবে হোৱা পূতিগন্ধময় পৰিৱেশৰ বাবে পথছোৱাৰে যাতায়াত কৰাৰ ক্ষেত্রত দুর্ভোগ ভুগিবলগীয়া হৈছে৷ তদুপৰি অঞ্চলটোৰ পথ–উপপথত থকা ষ্ট্রীট লাইটসমূহ মেৰামতিৰ অভাৱত দীর্ঘদিন ধৰি বিকল হৈ থকা পৰিলক্ষিত হৈছে৷

দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই অঞ্চলটোৰ সমস্যা সমাধানৰ বাবে যোৱা বিধানসভা নির্বাচনৰ পূর্বেই প্রতিশ্রুতি দিছিল যদিও বিগত প্রায় ৫ বছৰত অঞ্চলৰ বহু সমস্যা বিধায়কগৰাকীৰ দৃষ্টিগোচৰ নহ’ল৷ সেয়েহে সমাগত অসম বিধানসভা নির্বাচনৰ পূর্বে অঞ্চলবাসীৰ সমস্যা সমাধান নকৰিলে ক্ষুব্ধ ৰাইজে ভোটদানৰ পৰা বিৰত থকাৰ হুংকাৰ দিয়ে৷

You May Also Like

More From Author