দৈনিক নহৰু পানী এগিলাচ খাওক, ঘড়ীৰ কাটাৰ দৰে কাম কৰিব মগজুৱে

1 min read

দৈনিক নহৰু পানী এগিলাচ খাওক, ঘড়ীৰ কাটাৰ দৰে কাম কৰিব মগজুৱে .

প্ৰতিদিনে এগিলাচ নহৰু পানী খোৱাটো বিভিন্ন জন বিশেষজ্ঞৰ মতে লাভজনক।কিন্তু সঁচাই নহৰু পানীৰ কিবা উপকাৰী গুণ আছেনে বা কি লাভ হয় এই নহৰু পানী খালে ??

১) নহৰু পানী খালে কিডনী দুটি মজবুত হৈ থাকে। পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ এক পৰীক্ষণত প্ৰমাণিত হৈছে যে দৈনিক নহৰু পানী খালে কিডনীত P AURIOUS নামৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা হাত সাৰি থাকিব। আৰু এই নহৰু পানীৰে এইবিধ বেক্টেৰিয়াৰ সংক্ৰমনকো নির্মূল কৰিব পৰা যায়। সেয়ে দৈনিক ৩-৪ কোষ নহৰু নাইবা নহৰু মিহলি পানী খালী পেটত সেৱন কৰিলে কিডনী ৰ বাবে লাভজনক।

২) নহৰু তেজৰ চৰ্বি ভাগ নিয়ন্ত্ৰণ কৰিব পাৰে। তেজৰ কলেষ্টৰল আৰু কম ঘনত্বৰ লিপিডৰ বিয়োজন ঘটাব পৰা গুণ আছে নহৰুত। ইয়াৰ ফলতে নহৰু পানী খালে দেহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হয়। অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ এক তথ্য অনুসৰি ৪-৫ কোষ নহৰুয়ে তেজৰ ১০%-১৫ % কম ঘনত্বৰ লিপিড বিয়োজন কৰিব পাৰে।

৩) তেজৰ উচ্চ শৰ্কৰা (চুগাৰ) নিয়ন্ত্ৰণ কৰি ৰখাৰ ক্ষমতা আছে নহৰুৰ। কোৱেইট বিশ্ব বিদ্যালয়ৰ এক অধ্যয়নত প্ৰমাণিত হৈছে যে কেঁচা নহৰুয়ে তেজৰ চুগাৰ কম সময়তে নিয়ন্ত্ৰণ কৰিব পাৰে।

৪) হাড়ৰ সমস্যা অষ্টিও অৰ্থইটিছ আৰু অইন গাঁঠিৰ বিষৰ সমস্যা নহবলৈ নহৰু খুব লাভজনক। বি এম চি নামৰ জাৰ্নেলত প্ৰকাশ কৰা মতে যদিহে আপোনাৰ খাদ্যত পিয়াজ আৰু নহৰু থাকে তেনেহলে আপুনি হাড় আৰু সন্ধি ৰোগৰ পৰা বহু দূৰৈত কিয়নো নহৰু আৰু পিয়াজে হাড় মজবুত কৰি ৰাখে। নহৰুয়ে দেহৰ এষ্ট্ৰজেন হৰমন ৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে যি হৰমনে আৰু হাড়ৰ বিকাশ নিয়ন্ত্ৰণ কৰে।

৫) নহৰু পানীয়ে চকুৰ দৃষ্টি শক্তি বঢ়াই । ইৰাণৰ এদল বৈজ্ঞানিকৰ মতে নহৰুৰ চকুৰ “আই ও পি” কম কৰিব পৰা গুণ আছে। আৰু চকুত হব পৰা বেক্টেৰিয়া সংক্ৰমণ ৰোধ কৰিব পাৰে।

৬) নহৰু পানীৰ দেহত শক্তি বৰ্দ্ধক গুণ আছে । হেল্থ কেয়াৰ ইনস্টিটিউট জাপানৰ মতে নহৰু পানী শক্তিবৰ্ধক পনীয়া হিচাপে ব্যৱহাৰৰ উপযোগী।

৭) দৈনন্দিন ৪-৫ কোষ নহৰু মিশ্ৰিত পানী খালে মগজুৱে ঘড়ীৰ কাটাৰ গতিত কাম কৰিব। মগজুৰ নিউৰন সমুহক সক্ৰিয় কৰি ৰাখি মগজুৰ অৱসাদ দুৰ কৰে নহৰুয়ে। টাফ্ট স্বাস্থ্য বিশ্ব বিদ্যালয়ৰ ২০০৬ চনৰ পৰীক্ষা মৰ্মে “দিমেন্সিয়া” নামৰ মগজুৰ ৰোগৰ পৰা হাত সাৰিবলৈ নহৰু পানী সেৱন লাভজনক৷ মগজুৰ অক্সিডেটিভ ষ্ট্ৰেছ নিয়ন্ত্ৰণ কৰি এলজেইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে নহৰুয়ে।

৮) দেহৰ ওজন কমাবলৈ নহৰু পানী সহায়ক।

৯) এগিলাছ নহৰু পানী খালি পেটত খালে পাচনতন্ত্ৰ সক্ৰিয় হৈ উঠে।

১০) নহৰু এবিধ উত্তম এন্টী-অক্সিডেন্ট সমৃদ্ধ খাদ্য। ফলত নহৰু পানীয়ে দেহৰ ছালৰ সৌন্দৰ্য্য অটুট ৰাখিব লগতে মুখমণ্ডলত হব পৰা বিভিন্ন ধৰণৰ খলময়না ইত্যাদিৰ পৰাও পৰিত্ৰাণ দিব।

 

১১) দেহৰ কোষত জমা হোৱা বিষাক্ত বৰ্জিত দ্ৰব্য নিষ্কাষণ ত সহায় কৰিব নহৰু পানীয়ে ফলত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

2020-11-21

You May Also Like

More From Author