25.8 C
Assam
Friday, July 1, 2022

Featured News

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (কাৰ্যকৰী) উপস্থিতিত বঙাইগাওঁত বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ বিশেষ কৰ্মশালা

Assamese Newsগুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (কাৰ্যকৰী) উপস্থিতিত বঙাইগাওঁত বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ বিশেষ কৰ্মশালা

“সমগ্ৰ বিশ্বতে এক উদ্বেগজনক ৰূপ ধাৰণ কৰা বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ আৰু প্ৰশমনৰ বাবে বনকৰ্মী, আৰক্ষী, সীমান্তৰক্ষী, অৰ্ধসামৰিক বাহিনী, সেনা আৰু অন্যান্য সংশ্লিষ্ট সংস্থাকে ধৰি বিভিন্ন অংশীদাৰসকলৰ মাজত সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজন,” বুলি ১৪ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (কাৰ্যকৰী) এন কোটিশ্বৰ সিঙে বঙাইগাঁৱত  মন্তব্য আগবঢ়ায় ৷ অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণ আৰু ৰাজ্যৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে যুটীয়াভাৱে  বঙাইগাওঁত আয়োজন কৰা বন্যপ্ৰাণী অপৰাধ সম্পৰ্কীয় এক বিশেষ কৰ্মশালাত ন্যায়াধীশ কোটেশ্বৰ সিঙে কয় যে ভাৰতৰ সংবিধান অনুসৰি সকলো নাগৰিকে প্ৰাকৃতিক পৰিৱেশ, বন, জলাশয় আৰু বন্যপ্ৰাণীৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া উচিত । সেনা, অন্যান্য অৰ্ধসামৰিক বাহিনীৰ ক্ষেত্ৰতো একেই কথা ৷ তেওঁৰ মতে যিসকলে বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধত বন আৰু আৰক্ষী কৰ্মীসকলক সহায় কৰাত এক অগ্ৰনি ভূমিকা পালন কৰিব বুলি আশা কৰা যায় ।

কৰ্মশালাত উপস্থিত থাকি ন্যায়াধীশ সৌমিএ শইকীয়াই মন্তব্য কৰে যে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰনৰ ক্ষেত্ৰত সকলো অংশীদাৰ, বেচৰকাৰী সংগঠন, আইন প্ৰৱৰ্তনকাৰী, বিশেষজ্ঞৰ লগতে বন বিষয়া সকলৰ ভুমিকা অপৰিসীম । ন্যায়পালিকাত, আমি চৰকাৰক এখন আইন প্ৰস্তুত কৰিবলৈ পৰামৰ্শ বা নিৰ্দেশ দিব নোৱাৰো । আমি কেৱল এটা গোচৰৰ যিকোনো তথ্য আৰু পৰিস্থিতিত সিদ্ধান্ত ল’ব লাগে যাতে কৰ্তৃপক্ষৰ দ্বাৰা অভিযুক্ত ব্যক্তি/ ব্যক্তি বিশেষৰ দ্বাৰা দাবী কৰা নিৰ্দিষ্ট অধিকাৰ আইনৰ ব্যৱস্থাৰ অধীনত ফলপ্ৰসূ কৰিবলৈ সক্ষম হয় ।”


বঙাইগাওঁত আয়োজিত এই কৰ্মশালাত বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ন্যায়িক বিষয়া, অসম আৰক্ষী, বন বিভাগ আৰু  সীমা সুৰক্ষা বাহিনীৰ বিষয়া সকলে অংশগ্ৰহণ কৰে |

সাম্প্ৰতিক পটভুমিত গুৰুত্বপুৰ্ণ বুলি বিবেচিত এই কৰ্মশালাত অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণ সদস্য সচিব নয়ন শংকৰ বৰুৱা,  বঙাইগাঁওৰ জিলা আইনী সেৱা প্ৰাধিকৰণৰ সচিব তৰুণ দে, ৰঙিয়াৰ ডি আই জি জগদীপ পাল সিং, সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া এন্থনি থানমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডা০ বৈভৱ চি মাথুৰ আৰু ৰায়মোনা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক বিষ্ণু ৰায়নু উপস্থিত থাকে ।

কৰ্মশালাৰ আৰম্ভনীতে বিশ্বব্যাপী বন্যপ্ৰাণী অপৰাধৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰি আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ বিভৱ কুমাৰ তালুকদাৰে বন্যপ্ৰাণী অপৰাধ, সন্ত্ৰাসবাদ আৰু অস্ত্ৰৰ চোৰাং ব্যৱসায়ৰ মাজৰ অনাকাংক্ষিত সম্পৰ্কক আঙুলিয়াই ই কেনেদৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবেও গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিছে তাৰ ওপৰত আলোকপাত কৰে ৷ এনে পটভুমিত বিশ্বব্যাপী চলা বন্যপ্ৰাণী অপৰাধৰ  ভয়াবহতাৰ বিৰুদ্ধে যুঁজিবলৈ বিভিন্ন প্ৰৱৰ্তনকাৰী সংস্থা, বনবিভাগ, আৰক্ষী, নিৰাপত্তা বাহিনী আৰু ন্যায়পালিকাৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়তাৰ  ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: